প্ৰচাৰবিমুখ যুৱ বাদ্যযন্ত্ৰ শিল্পী দ্বীজেন বৈশ্য

 05/02/2019 - 19:48

গুৱাহাটীঃ গুৱাহাটীৰ পাঞ্জাবাৰী কৃষ্ণনগৰৰ নিবাসী দ্বীজেন বৈশ্য হৈছে প্ৰচাৰবিমুখ এগৰাকী প্ৰতিভাবান যুৱ বাদ্যযন্ত্ৰ শিল্পী। প্ৰয়াত অচ্যুত চন্দ্ৰ বৈশ্যৰ কনিষ্ঠ পুত্ৰ দ্বীজেনে শৈশৱৰ পৰাই ঘৰত পাইছিল সংগীতৰ পৰিৱেশ। তেওঁৰ জেষ্ঠ ভাতৃ মুনিন্দ্ৰ বৈশ্যও এজন ভাল বাদ্যযন্ত্ৰী। প্ৰথমে বিশিষ্ট গীটাৰ বাদক প্ৰশিক্ষক হাইদৰ আলীৰ ওচৰত তেখেতে প্ৰশিক্ষণ আৰম্ভ কৰিছিল আৰু ইয়াৰ পিছত লক্ষ্ণৌৰ ভাটখাণ্ডে বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্পেনিছ গিটাৰত ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছতে তেওঁ সংগীতকে পেছা হিচাপে গ্ৰহণ কৰি লয়। শিল্পীগৰাকীয়ে হাইদৰ আলী, অনিৰুদ্ধ বৰুৱা আৰু এৰিক ক্লিপটনক আদৰ্শ হিচাপে লৈ সংগীত সাধনাত ব্ৰতী হৈ আহিছে যদিও তেওঁ সম্পূৰ্ণৰূপে প্ৰচাৰৰ পৰা দূৰ হৈ আহিছে। যাৰবাবে প্ৰচাৰ বিমুখ হোৱা হেতুকে শিল্পীগৰাকীৰ প্ৰতিভা থকাৰ পিছতো ৰাইজৰ মাজত জনপ্ৰিয়তা অথবা প্ৰাপ্য সমাদৰ সন্মানৰ পৰা বঞ্চিত হৈ আছে।

এনে এজন প্ৰতিভাৱান শিল্পীক ৰাইজে চিনি পোৱা দৰকাৰ। এই প্ৰতিভাৱান শিল্পীসকল ৰাইজৰ মাজত প্ৰতিষ্ঠিত হ’লেহে অসমীয়া সংস্কৃতিৰ ধ্বজাখন শিখৰত উৰুৱাই ৰাখিবলৈ নতুনচামৰ শিল্পীসকলো আগুৱাই আহিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।