উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ "ক্ৰীড়া প্ৰকল্পৰ" নিৰ্মাণত আসোঁৱাহ, ঠিকাদাৰে নিম্নমানদণ্ডৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ

 05/16/2020 - 15:49

 উত্তৰ গুৱাহাটী: ২০২০ বৰ্ষৰ পবিত্ৰ মাঘ মাহৰ পহিলা দিনটোৱে উত্তৰ গুৱাহাটীবাসী ক্ৰীড়াপ্ৰেমীলৈ কঢ়িয়াই আহিছিল সুখৰ বতৰা। ৰজাদুৱাৰস্হিত উত্তৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ খেলপথাৰত পূৰ্ণাঙ্গ ষ্টেডিয়ামৰ নিৰ্মাণ কৰা কাম আৰম্ভ কৰিছিল বৰষা টেকনঅ ট্ৰেড প্ৰাইভেট লিমিটেডৰ বসন্ত চুৰাণা, কৰ্মকৰ্তা সকলৰ লগতে গড়কাপ্তানী বিভাগৰ অভিযন্তাসকলে।বৰষা টেকনঅ ট্ৰেড প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে এই প্ৰকল্পটো নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

প্ৰথম পৰ্যায়ত ১০ কোটি টকা খৰচ নিৰ্ধাৰণ কৰা প্ৰকল্পটো গড়কাপ্তানী বিভাগৰ "চিগনেছাৰ প্ৰজেক্ট" অধীনত নিৰ্মাণ কৰা হব। বিশিষ্ট অভিযন্তা জে এন খাটনিয়াৰে ষ্টেডিয়ামখনৰ আৰ্হি প্ৰস্তুত কৰিছে। সেইমতে প্ৰথম পৰ্যায়ত খেল পথাৰ উন্নয়ন, ট্ৰেক এণ্ড ফিল্ড, পেভিলিয়ন, বাউন্ডেৰী ৱাল নিৰ্মাণ কৰা হব। দুবছৰৰ ভিতৰত এই ক্ৰীড়া প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হব বুলি জানিব পৰা গৈছে।

প্ৰথমে পূৱ দিশত পেভিলিয়নৰ নিৰ্মাণ কাম আৰম্ভ হৈছিল। কিন্তু কেইমাহমানৰ পিছতে ঠিকাদাৰৰ কামত আসোঁৱাহ দেখি স্হানীয় ব্যক্তিসকলে অভিযোগ কৰে। অভিযোগকাৰীৰ অভিযোগৰ ভিত্তিত প্ৰকল্পটো পৰিদৰ্শন কৰা কালত ভয়ংকৰ তথ্য উন্মোচিত হৈছে। ঠিকাদাৰে নিজে নিৰ্মাণৰ বাবে অনা শিল, বালি, গিট্টি, ইটা অতি নিম্নমানদণ্ডৰ। পাহাৰ গিট্টিৰ পৰিবৰ্তনে দেখা গল নদীৰ ষ্টনদাষ্ঠ মিহল গিট্টী

আনহাতে তাত থকা ইটাৰ মানদণ্ড ভাল নহয়। গতিকে এনে সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা টাই বিমবোৰো তেৰাবেকা হোৱা স্পষ্টভাবে পৰিলক্ষিত হৈছে। এই বিমবোৰৰ পৰা চপৰা চপৰকৈ এৰি যোৱা দেখা গৈছে। সেইবাবে চতুৰ ঠিকাদাৰ গৰাকীয়ে বিমবোৰৰ ততাতৈয়াকৈ পুতি পেলোৱা বুলি স্হানীয় ক্ৰীড়া প্ৰেমীৰাইজে অভিযোগ কৰিছে। অঞ্চলবাসীয়ে আশা কৰিছিল ক্ৰীড়া প্ৰকল্প নিৰ্মাণে অঞ্চলটোৰ ক্ৰীড়াপ্ৰেমীসকলে সন্তুোষ ব্যক্ত কৰাৰ লগতে অনাগত দিনত পুনৰ অঞ্চলটোৰ পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰিছে।

কিন্তু এনে আসোঁৱাহ পূৰ্ণ নিৰ্মাণে উত্তৰ গুৱাহাটীবাসী ক্ৰীড়াপ্ৰেমী আশাত চেঁচাপানী ঢালিব। হয়তো নিৰ্মাণ কিছুবছৰ পিছত এই ষ্টেডিয়ামখন আমিনগাঁওৰ ইণ্ডৰ ষ্টেডিয়ামৰ দৰে খেলুৱৈৰ বাবে অনুপযোগী হৈ পৰিব। গতিকে উত্তৰ পৰীয়া ৰাইজৰ দাবী শীঘ্ৰেই বিভাগীয় তদন্ত জৰিয়তে ঠিকাদাৰ অনিয়ম বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

লগত উন্নতমানৰ সামগ্ৰী ব্যৱহাৰ কৰি ঘোষিত সময়ৰ ভিতৰতে এখন সৰ্বাংগ সুন্দৰ ষ্টেডিয়াম নিৰ্মাণ কৰি উলিয়াব লাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।