জুৱাৰ বিৰুদ্ধে ধুলা আৰক্ষীৰ তীব্র অভিযান: চাৰি জুৱাৰীক গ্ৰেপ্তাৰ

 05/02/2019 - 19:59

খাৰুপেটীয়া: জুৱাৰীৰ বিৰুদ্ধে ধুলা আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। কেইদিনমান আগতে দুজন জুৱাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আজিও চাৰিজন জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধুলা আৰক্ষীয়ে।

জানিব পৰা মতে ধুলা থানাৰ অন্তৰ্গত হিৰাপাৰা গাওঁত চলি থকা দেউলত একাংশ দুষ্ট চক্ৰই চলোৱা ডাব্বু গুটি আৰু তিনি তাচপাত খেল চলি থকা বুলি খবৰ পাই ধুলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত কাকতিৰ নেতৃত্বত যোৱা দলটোৱে ভুটু শ্বেইখ, ছোৰাব মণ্ডল, কামালুদ্দিন আৰু ছামাত আলী নামৰ জুৱাৰী চাৰিজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ধুলা আৰক্ষীয়ে।

আনহাতে অঞ্চলটোত চলি থকা তীৰ জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে ইত্তেহাত ফ্ৰণ্ট অসমৰ সাধাৰণ সম্পাদক নুৰ ইছলামে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।