বটদ্ৰৱাত শিক্ষকৰ মৃত্যুত শোক

 05/02/2019 - 20:12

টুকটুকীঃ নগাওঁ জিলাৰ বটদ্ৰৱা থানাৰ অন্তর্গত কদমণি গাঁৱৰ নিবাসী তথা কদমণি ছিনিয়ৰ মাদ্ৰাজৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক হাফিজ উদ্দীনে(৭০)বুধবাৰে নিশা ৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰাপ্ত খবৰ মতে, তেওঁ বহু দিন ধৰি কৰ্কট ৰোগত আক্রান্ত হৈ আছিল। মৃত্যুৰ সময়ত পত্নী,৩ পুত্ৰৰ লগতে বহুতো আত্মীয়ক এই ইহ সংসাৰত এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।