ধুবুৰী: গৌৰীপুৰ বিধানসভা সমষ্টিৰ দেবীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত মদাতী VCDC ৰ দাৰচৌকা ২য় খণ্ড গাঁৱত সংঘটিত হৈছে ভয়ংকৰ লুষ্ঠনৰাজ। এমজিএনৰেগা আঁচনিৰ কামত ব্যাপক দুৰ্নীতি অভিযোগ। ২ টাকৈ পথ নিৰ্মাণৰ কাম মাত্র ৭ হাজাৰ টকা কৰি বাকী ২ লাখ ৮৬ টকা ধন আত্মসাৎৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মদাতী VCDCৰ চেয়াৰমেন, কনিষ্ঠ অভিযন্তা আৰু কেইজনমান লোক মিলি আত্মসাৎ কৰিছে আঁচনিটোৰ আৱণ্টিত ধন। এই অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে।
উল্লেখযোগ্য যে মদাতী VCDCৰ দাৰচৌকা ২য় খণ্ড গাঁৱত সংঘটিত হয় এই ভয়াবহ লুণ্ঠনৰাজ। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে চৰকাৰে এমজিএনৰেগা আঁচনিৰ অধীনত ৭ লাখকৈ টকাৰ দুটাকৈ কামৰ Construction Road নিৰ্মাণৰ বাবে সহেৰ আলী ঘৰৰ পৰা ছমাইৰডাইৰ মদজিতলৈ আৰু মালেকৰ ঘৰৰ পৰা শান্তি বজাৰ লৈ বিভাগে আবণ্টন দিছিল মুঠ ১৪ লাখ টকা।
কামৰ তদাৰকী দায়িত্বত থকা কনিষ্ঠ অভিযন্তা আৰু কেইজনমান লোক মিলি আঁচনি দুটাৰ ২ লাখ ৮৬ হাজাৰ ধন শৰাধ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাইজে উক্ত এমজিএনৰেগা আঁচনিৰ কামৰ নিৰপেক্ষ তদন্তৰ দাবী জনায়।