আন্তঃক্লাৱ কামৰূপ মে'ট্ৰ জিলা উশ্বু প্ৰতিযোগিতাত মালিগাওঁ উশ্বু ট্ৰেনিঙ চেন্টাৰৰ দখলত প্ৰথম স্থান

 05/02/2019 - 20:28

গুৱাহাটীঃ সদ্য সমাপ্ত কামৰূপ জিলা আন্তঃক্লাৱ উশ্বু চেম্পিয়নশ্বিপত মালিগাওঁ উশ্বু ট্ৰেনিঙ চেন্টাৰে ১৯ টা স্বৰ্ণ পদক,৬ ৰূপৰ ৮ টা ব্ৰঞ্জৰ পদকৰে বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। এইবাৰ অনুষ্ঠিত প্ৰতিযোগিতাত জিলাখনৰ ভিতৰত প্ৰথম স্থান দখল কৰে। ১৪ টা সোন, ৮টা ৰূপ, ৪টা ব্ৰঞ্জ পদক অৰ্জন কৰি ছাটৰিবাৰী মাৰ্চেল আৰ্ট ক্লাৱ দ্বিতীয় স্হানত আনহাতে বোন্দা উশ্বু ক্লাৱে ৪টা সোণ, ৫টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদকৰে তৃতীয় স্থান লাভ কৰে।

উল্লেখ্য যে ১৬তম ছাৱ জুনিয়ৰ,১৬ জুনিয়ৰ আৰু ২২ ছিনিয়ৰ কামৰূপ জিলা(মে'ট্ৰ)উশ্বু প্ৰতিযোগিতা ডিটিআৰপি ইণ্ডৰ ষ্টেডিয়ামত আৰ জি বৰুৱা স্পৰ্টছ কমপ্লেক্স গুৱাহাটীত ২৭, ২৮ এপ্ৰিলত অনুষ্ঠিত হৈ যায়। এইবাৰৰ প্ৰতিযোগিতাখনিত জিলাখনৰ মুঠ ১৫০ গৰাকী প্ৰতিভাবান প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। কামৰূপ জিলা মে'ট্ৰ উশ্বু এছচিয়েছন সম্পাদক গোপী সিং লামাই বঁটা বিজয়ী, অংশগ্ৰহণকাৰী প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি সফল কৰি তোলাৰ বাবে শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।