অসমত ১০২ জনলৈ বৃদ্ধি ক'ৰণা আক্ৰান্ত ৰোগী: পুনৰ এজনৰ মৃত্যু

 05/18/2020 - 14:45

ডিজিটেল ডেস্ক: অসমত আৰু দুজনৰ দেহত ক'ভিড ১৯ পজিটিভ। যোৰহাট আৰু নগাঁৱৰ এজনকৈ লোকৰ দেহত পোৱা গৈছে মাৰাত্মক ক'ৰণা ভাইৰাছৰ উপস্থিতি।দুয়োজন লোকেই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল বুলি সদৰী কৰিছে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। 

বৰ্তমান অসমত ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা হ'ল ১০২ জন। লগতে ক'ভিড আক্ৰান্ত তৃতীয়জন লোকৰ মৃত্যু অসমত। গোপিন্দ্ৰ চন্দ্ৰ মালাকাৰ নামৰ ৭১বছৰীয়া লোকজনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।আজি পুৱা ১১ বজাত মৃত্যু হয় লোকজনৰ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।