টীয়কৰ ৰাজপথ পানীৰ তলত: কৃত্ৰিম বানে জুৰুলা কৰিছে নগৰবাসীক

 05/03/2019 - 11:35

টীয়ক: টীয়ক পৌৰসভাৰ অন্তৰ্গত জনতাক জলাকলা খুৱাইছে কৃত্ৰিম বানপানীয়ে৷ অপৰিকল্পিতভাৱে দোকান পোহাৰ, গৃহ নিৰ্মাণৰ বাবে আৰু চাৰিলেনযুক্ত পথ নিৰ্মাণৰ শামুকীয়া গতিয়ে সৃষ্টি কৰিছে কৃত্ৰিম বানৰ৷ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্মিত প্ৰায়বোৰ নলা আধাতে বন্ধ হৈ যোৱাত পানী অহা যোৱা কৰাৰ বাট সূচল নোহোৱাতো বানৰ সৃষ্টি হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ৷

বৃহস্পতিবাৰে দিনৰ ভাগত মিধাখাট আৰু জগদুৱাৰ তেল ডিপোৰ মাজভাগৰ বঙালী গাঁও সমীপৱৰ্তী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাজপথতো ডুব গৈ যাতায়তৰ ক্ষেত্ৰত অসুবিধা সৃষ্টি কৰে৷ উল্লেখ্য যে বঙালী গাঁও পথৰ কেইবা ঘৰতো পানী সোমাইছে৷ পানী আবদ্ধ হৈ সৃষ্টি কৰা কৃত্ৰিম বানে নগৰ এলেকাধীন জনজীৱন বিপৰ্যস্ত কৰি তুলিছে।

টীয়ক নগৰৰ কৃত্ৰিম বানৰ ফলত একাংশ জনাঞ্চল পানীত বুৰ গৈছে। উল্লেখযোগ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত পথ হিচাপে নিৰ্মাণ কৰাৰ নামত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে টীয়ক নগৰ এলেকাত অপৰিকল্পিত নিৰ্মাণ কাৰ্য চলাই থকাৰ বাবেই ৰাজপথৰ উপৰি আন প্ৰান্তসমূহতো কৃত্ৰিম বানৰ সৃষ্টি হৈ আছে বুলি অভিযোগ উত্থাপিত হৈছে।

সেয়েহে অতি শীঘ্ৰে জিলা প্ৰশাসনক এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি কৃত্ৰিম বান সমস্যা সমাধান কৰিবলৈ ভুক্তভোগী ৰাইজে দাবী জনাইছে।

পৌৰসভাৰ বিষয়ববীয়া আৰু বিধায়িকাই কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত পৰ্যাপ্ত ব্যৱস্থা লোৱাৰ দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।