ডিফু: ২০২০ চনৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব ডিফুত নিৰ্মিয়মান অসম চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰটো৷ জিলাখনত বিজেপিৰ দলীয় বিসম্বাদৰ মাজতে হঠাৎ বৃহস্পতিবাৰে ডিফুত উপস্থিত হৈ এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ২০১১ চনৰ ১৯ জানুৱাৰীত আধাৰশিলা স্থাপন হোৱা অসম হিলছ চিকিৎসা মহাবিদ্যালয়খন নিৰ্মাণ নোহোৱাক লৈ চৰ্চা চলি থকাৰ মাজতে ৰাজ্য চৰকাৰৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিৰ্মিয়মান চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ প্ৰতিটো বিভাগ তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰি বিভাগীয় কৰ্তৃপক্ষ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত এক পৰ্যালোচনা সভাত মিলিত হয়৷
অসম চৰকাৰে এই চিকিৎসা মহাবিদ্যালয়ৰ মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়াৰ পৰা স্বীকৃতি লাভ কৰিছিল যদিও প্ৰয়োজনীয় আন্তঃগাঁঠনি আৰু কেতবোৰ আনুসংগিক কাৰণত এই স্বীকৃতি বাতিল হৈছিল৷ মহাবিদ্যালয়খনত উপস্থিত হৈ মন্ত্ৰী শৰ্মাই তেওঁৰ কাৰ্যকালৰ ২০২০ চনৰ ভিতৰত মহাবিদ্যালয়খনৰ পাঠদান আৰম্ভ হ'ব লাগিব বুলি মন্তব্য কৰি বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে৷ মহাবিদ্যালয়খনকলৈ অধিক আলোচনা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিশা ডিফুতে কটাই বিভাগীয় সকলো অভাৱ-অভিযোগ ইয়াতে সমাধান কৰিব বুলিও কয়৷ ডিফু অসামৰিক চিকিৎসালয়খনক চিকিৎসা মহাবিদ্যালয়খনৰ লগত সংলগ্ন কৰি অহা চেপ্তেম্বৰ মাহৰ পৰা অ'পিডি শাখা আৰম্ভ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে৷
ইয়াৰোপৰি চিকিৎসা মহাবিদ্যালয়খনত এনআৰএইছএমৰ অধীনত উন্নতমানৰ চিকিৎসা আচবাব আদি ক্ৰয় কৰাৰ বাবে ৩৫ কোটি টকা মোকলাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে৷ কাৰিকৰী পদসমূহত নিযুক্তিৰ বাবে বিশেষকৈ স্থানীয় যুৱক-যুৱতীসকলক প্ৰাধান্য দিয়া হ'ব বুলি অৱগত কৰায়৷ উল্লেখযোগ্য যে ৩০০ কোটি টকা ব্যয় সাপেক্ষে ব্ৰক্ষ্মপুত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডৰ দ্বাৰা নিৰ্মিয়মান ৩০০ বিছনাযুক্ত অসম চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত বছৰি ১০০ শিক্ষাৰ্থীয়ে পাঠদান গ্ৰহণ কৰিব পাৰিব জানিব পৰা গৈছে৷
আনহাতে ৪৮৬ গৰাকী নাৰ্চ, ৪৫০ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ লগতে প্ৰায় ডেৰ সহস্ৰাধিক কৰ্মচাৰী চিকিৎসা মহাবিদ্যালয়খনত সংস্থাপন লাভ কৰিব৷ মন্ত্ৰীগৰাকীৰ সৈতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডা: ধ্ৰুবজ্যোতি বৰা, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ ,নিৰ্মাণ কাৰ্যত জড়িত থকা কোম্পানীৰ বিষয়ববীয়া আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকলো উপস্থিত থাকে৷