চিলনীজান: কাৰ্বি আংলঙৰ ডিফুৰ কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় প্ৰাঙ্গণত সোমবাৰে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য যোজনাৰ অধীনত জিলা খনৰ নিৰ্বাচিত আত্ম-সহায়ক গোট তথা নিৰ্বাচিত কৃষকক পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰ বিতৰণ প্ৰক্ৰিয়া আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে । উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ হৰেনছিঙ বে আৰু অন্যান্য কাৰ্যবাহী সদস্য তথা এম এম ছি সকলৰ উপস্হিতিত ক'ভিড 19 আইন অনুসৰি সদ্যহতে ১০ গৰাকী হিতাধিকাৰীক ট্ৰেক্টৰ বিতৰন কৰা হয় ।
দ্বিতীয় পৰ্যায়ৰ ট্ৰেক্টৰ বিতৰণ তালিকা অনুসৰি কাৰ্বি আংলং জিলাৰ ৫১ গৰাকী আৰু পশ্চিম কাৰ্বি আংলঙৰ ২৯ গৰাকীয়ে ট্ৰেক্টৰ লাভ কৰিব ।আনহাতে কাৰ্বি আংলং জিলাৰ ৪২৫ খন ৰাজহ গাঁৱৰ ভিতৰত ১২২ খন গাঁৱে অনুমোদন পোৱাৰ বিপৰীতে পশ্চিম কাৰ্বি আংলঙৰ ৩২৯ খন ৰাজহ গাঁৱৰ ১০৭ গাঁৱে ৰাজ সাহায্য ট্ৰেক্টৰৰ বাবে লাভ কৰা বুলি জিলা কৃষি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৃষি দপ্তৰৰ কাৰ্যবাহী সদস্য অমৰছিঙ তিচ্ছ'ই আত ধৰা ট্ৰেক্টৰ বিতৰণ অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু সাংসদ হৰেনছিঙ বেই সাৰগৰ্ভ ভাষন প্ৰদান কৰে ।