মালিগাঁৱত উদ্ধাৰ হাত ভৰি বন্ধা এটা অৰ্ধগলিত মৃতদেহ

 05/03/2019 - 12:39

গুৱাহাটী: মালিগাঁৱৰ ৰে'লৱে কলনীৰ নামবাৰীত উচ্চপদস্থ বিষয়াৰ বাংলাত হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰা হৈছে এটা অৰ্ধগলিত মৃতদেহ। ৰে'লৱে অফিচাৰ্ছ কলনীৰ ৪৭১নম্বৰ বাংলাত উদ্ধাৰ হৈছে গোবিন্দ দাস নামৰ লোকজনৰ মৃতদেহ।

পত্নীয়ে হত্যা কৰাৰ সন্দেহ কৰিছে মৃতকৰ পৰিয়ালে। মৃত গোবিন্দ দাসৰ পত্নী শিলা দাসক আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে সোমবাৰৰ পৰাই নিৰুদ্দেশ হৈ আছিল ৪৫ বছৰীয়া গোবিন্দ দাস।

বৃস্পতিবাৰে ৪.৩০ বজাত মৃত অৱস্থাত বাথৰুমত পোৱা বুলি মৃতকৰ পত্নীয়ে আৰক্ষীক জনায়। বৰ্তমান পত্নী শিলা দাসক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

শিলা দাস মৃতকৰ দ্বিতীয় পত্নী আছিল আৰু পাৰিবাৰিক কাৰণত হত্যাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।