পাকিস্তানত নিষিদ্ধ হ'ল ভাৰতীয় ছবিৰ প্ৰদৰ্শন

 02/28/2019 - 15:57

ডিজিটেল ডেস্কঃ বৰ্তমান তুংগত উঠিছে ভাৰত পাকিস্তানৰ সংঘাত। পাকিস্তানে পুলৱামা কাণ্ড সংঘটিত কৰাৰ পিছতে এই বিবাদে চৰম ৰূপ ধাৰণ কৰে। তাৰে প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় বায়ুসেনাই পাকিস্তানৰ সন্ত্রাসবাদী ঘাটি আক্ৰমণ কৰে আৰু এই আক্ৰমণত বহুকেইজন পাকিস্তানী সন্ত্রাসবাদী নিহত হয়। এই বিবাদে দুয়োখন দেশৰ চলচ্চিত্র উদ্যোগতো ব্যাপক প্ৰভাৱ পেলাইছে। ফলত পুলৱামা আক্ৰমণৰ পিছত ভাৰতত থকা পাকিস্তানী শিল্পীসকলৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

তেনেদৰে পাকিস্তানটো নিষিদ্ধ কৰা হৈছে ভাৰতীয় ছবিৰ প্ৰদৰ্শন। চৰকাৰীভাৱে এই কথা ঘোষণা কৰে পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্রী ফাওৱাদ চৌধুৰীয়ে। মন্ত্রীজনে লগতে উল্লেখ কৰে যে, অকল ছবিয়ে নহয়,বিজ্ঞাপন প্ৰদৰ্শন তথা ভাৰত চৰকাৰৰদ্বাৰা প্ৰদৰ্শিত 'মেড ইন ইণ্ডিয়া'ৰ বিজ্ঞাপনৰ ক্ষেত্রতো এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেয়ে পাকিস্তান চৰকাৰে দেশখনত যাতে কোনো ভাৰতীয় বিজ্ঞাপনৰ প্ৰচাৰ নচলে তাৰ বাবে পাকিস্তান ইলেক্ট'নিক মিডিয়া ৰেগুলেটৰী অথৰিটীক কঠোৰ নিৰ্দেশ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.