সীমান্ত শ্বেখৰ আৰু পৰিয়ালক হত্যাৰ ভাবুকি

 05/03/2019 - 13:28

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বিতৰ্কত সাঙোৰ খাই পৰা কণ্ঠশিল্পী সীমান্ত শ্বেখৰক কোনো অচিনাকি দুৰ্বৃত্তই ফোনযোগে দিছে হত্যাৰ ভাবুকি। এসপ্তাহৰ ভিতৰতে তেওঁ আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ভাবুকি দিয়া বুলি উল্লেখ কৰিছে ফেচবুকত সীমান্ত শ্বেখৰে। বিহু মঞ্চত ৰাজনীতিৰ গান পৰিৱেশন আৰু জুবিন গাৰ্গক উদ্দ্যেশি শ্লেষপূৰ্ণ মন্তব্য কৰা বাবে সম্প্ৰতি ছছিয়েল মিডিয়াত ঠাট্টা-মস্কৰাৰে থকা সৰকা কৰা হৈছে সীমান্ত শ্বেখৰক।

তাৰ মাজতে তেওঁলৈ আহে হত্যাৰো ভাবুকি। নিজৰ পৰিয়ালক সুৰক্ষিত কৰিব পাৰিম বুলি সীমান্ত শ্বেখৰে পোষ্টটোত লিখিছে-It’s too much . Some one by phone has threatened me an my family to kill within a week . I will show you haters now how a threatened call can lead to your problem for the entire life . It was a fun now it’s time for legal action . I can protect my family.’

সীমান্ত শ্বেখৰৰ এই পোষ্টটোৰ পাছতেই ছ’চিয়েল মিডিয়াতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। আইনৰ সহায় লোৱাৰ কথা উল্লেখ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।