জুৰীয়াত লোমহৰ্ষক হত্যাকাণ্ড: ডিঙি কাটি হত্যা গৰ্ভৱতী মহিলাক

 05/20/2020 - 14:13

জুৰীয়া: ক'ৰনাৰ অতিমাৰী ৰূপত ৰাজ্যবাসী আতংকিত হৈ থকাৰ থকাৰ সময়তে জুৰীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। পবিত্ৰ ৰমজান মাহতেই জুৰীয়াৰ অতি দুৰ্গম চৰাঞ্চল হিচাপে পৰিচিত লাঠিমাৰী চৰত এগৰাকী সন্তানসম্ভৱা মহিলাক নিশা দুইমান বজাত দুৰ্বৃত্ত‌ই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে। 

ৰমিচা খাতুন নামৰ মহিলা গৰাকীয়ে নিশা চেহেৰীৰ খাদ্য তৈয়াৰৰ বাবে ৰান্ধনী শালত ব্যস্ত থকা পৰতেই দুৰ্বৃত্ত‌ প্ৰৱেশ কৰি মহিলা গৰাকীৰ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত শুই থকা স্বামী ৰফিকুল ইছলাম পত্নীৰ ওচৰলৈ ঢপলিয়াই যায় যদিও গুৰুতৰভাবে আঘাতপ্ৰাপ্ত মহিলা গৰাকী কিছু সময়ৰ পিছতেই মৃত্যু হয়।

এটি দুবছৰীয়া সন্তানৰ মাতৃ তথা নমহীয়া সন্তান সম্ভৱা ৰমিচা খাতুনক কোনে কি কাৰণত এইদৰে নৃশংসভাবে হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। জুৰীয়াৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.