দৰঙত কোৱাৰেন্টাইন চেণ্টাৰৰ বাবে অভাৱ হৈছে বিছনাৰ: অতিৰিক্ত ভাবে থকা বিচনা বিচাৰি আবেদন জনালে দৰঙৰ উপায়ুক্তই

 05/21/2020 - 13:59

 মঙলদৈ: দৰঙত কোৱাৰেন্টাইন চেণ্টাৰৰ বাবে অভাৱ হৈছে বিছনাৰ। বিভিন্ন লোকৰ ঘৰত অতিৰিক্ত ভাবে থকা বিচনা বিচাৰি বিশেষ আবেদন জনালে দৰঙৰ উপায়ুক্তই। কাৰণ বিছনাৰ অভাৱত বহি:ৰাজ্যৰ পৰা অহা লোকসকলক ৰখাত দৰং জিলাত অসুবিধা হৈছে জিলা প্ৰশাসন। নিতৌ শ শ লোক আহিছে গৃহ জিলালৈ। সকলোকে প্ৰশাসনে আছুটীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে। এতিয়ালৈ ৪০০ৰো অধিক লোক বহিঃৰাজ্যৰ পৰা আহিছে জিলাখনত। স্থাপন কৰা হৈছে কেইবাটাও কোৱাৰেন্টাইন চেণ্টাৰ ।

চেণ্টাৰ সমূহত বিচনা আছে যদিও সেইয়া পৰ্যাপ্ত নহয়। বন্ধ হৈ আছে বিচনা বনোৱা উদ্যোগ সমূহ যাৰ কাৰণে বিচনাৰ অভাৱ হৈছে জিলাখনত। কিছু কোৱাৰেন্টাইন চেণ্টাৰত পকাত ৰাখিব লগীয়া হৈছে আছুটীয়াকৈ ৰখা লোকসকলক। 

যাৰ কাৰণে কাৰোবাৰ ঘৰত যদি ব্যৱহাৰ নোহোৱা কৈ বিচনা, ক্লেমখাট আছে, সেইবোৰ জিলা প্ৰশাসনক দান হিছাপে দিবলৈ অনুৰোধ জনাইছে দৰং জিলা উপায়ুক্ত দীলিপ কুমাৰ বৰাই। নহ'লে বহি:ৰাজ্যৰ পৰা অহা লোক ৰাখিবলৈ অসুবিধা হৈছে।

দৰং জিলাৰ ক'ভিড -১৯ সম্পৰ্কীয় বিভিন্ন বিযয়ক লৈ দৰং জিলা উপাযুক্ত দীলিপ কুমাৰ বৰাই আজি মঙলদৈত এক সংবাদমেল অনুষ্ঠিত কৰি এই আহ্বান জনায় ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.