05/03/2019 - 16:36
in
জুৰীয়া: বহি:ৰাজ্যত পুনৰ মৃত্যু অসমৰ শ্ৰমিকৰ৷ কেৰেলাত প্লাইউড কোম্পানীত কৰ্মৰত আছিল শ্ৰমিকজন। কেৰালাত প্লাইউড কোম্পানীৰ বয়লাৰ মেচিন বিস্ফোৰণ হৈ এজনৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন তিনি শ্ৰমিক৷
মৃত শ্ৰমিকজন জুৰীয়াৰ কলনিজলাহৰ হছেন আলী৷ আহত কেইজনো একে গাৱঁৰে নাজিৰুল ইছলাম, মহচিন আলী আৰু দিলুৱাৰ হুছেইন৷ কোম্পানীত কৰ্মৰত হৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা৷
দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি আছিল হাছেন আলী৷ শ্ৰমিকজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে শোকত ভাঙি পৰিছে দুৰ্ভগীয়া মাতৃৰ লগতে পৰিয়ালৰ লোকসকল।
শ্ৰমিকজনৰ মৃত্যুত সমগ্ৰ জুৰীয়াত পৰিছে শোকৰ ছাঁ।