05/03/2019 - 16:57
in
বৰক্ষেত্ৰীঃ অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ তথা বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ চান মহম্মদ সম্প্ৰতি ভূগিছে শাৰীৰিক অসুস্থতাত। তেখেত বৰ্তমান দিছপুৰ জিএনআৰচি হস্পিতালত চিকিৎসাধীন হৈ আছে।
সামাজিক কাম কাজত যথেষ্ট সক্ৰিয় এইগৰাকী প্রাক্তন অধ্যক্ষ। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত শ্বেখ চান মহম্মদ। তেওঁৰ আশু আৰোগ্য কামনা কৰিছে বিভিন্ন দল-সংগঠনৰ লগতে গুণমুগ্ধসকলে।