লোকসভা নিৰ্বাচনক লৈ সাজু নিৰ্বাচন আয়োগ

 02/28/2019 - 16:58

গুৱাহাটীঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ সাজু নিৰ্বাচন আয়োগ। জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মূখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহু আৰু অতিৰিক্ত নিৰ্বাচনী বিষয়া বিবেকানন্দ ফুকনে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমতে আগন্তুক লোকসভা নিৰ্বাচনত টেম্পাৰপ্ৰুফ ইভিএম ব্যৱহাৰ কৰা হ’ব। ৰাজ্যিক নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা মতে ৰাজ্যৰ ২৮১৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। থাৰ্ড জেনেৰেচন টেম্পাৰপ্ৰুফ ইভিএম ব্যৱহাৰ কৰা হ’ব আৰু উন্নত মানদণ্ডৰ ভিভিপিএটি প্ৰথমবাৰৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব বুলি প্ৰকাশ কৰে। ভিভিপিএটি এটা সত্যতা নিৰ্ণয় কৰা ভোটাৰ মেছিন।এই মেছিনটোৱে কোনো ভুৱা ব্যক্তিক চিনাক্ত কৰিব।

আনহাতে মুখ্য নিৰ্বাচনী বিষয়া চাহুৱে কয় যে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে বিজ্ঞাপন বাতৰি কাকত নাইবা আয়োগে গঠন কৰি দিয়া মিডিয়া চাৰ্টিফিকেচন অন মণিটৰিং কমিটিৰ পৰা প্ৰমাণ-পত্ৰ ল’ব লাগিব। সেই একেই ব্যৱস্থা ৰাজ্যিক পৰ্যায়তো থাকিব বুলি চাহুৱে কয়।অৱশ্যে দুয়োখন কমিটিয়ে কোনো প্ৰাৰ্থী অথবা ৰাজদনৈতিক দলক যদি প্ৰমাণ পত্ৰ নিদিয়ে তেন্তে কিয় প্ৰমাণ পত্ৰ দিয়া নহ’ল, সেই বিষয়ে আবেদনৰ জৰিয়তে জানিব পাৰিব বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে। লগতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে বিজ্ঞাপন গ্ৰহণ কৰাৰ ক্ষেত্ৰত ছপা আৰু দৃশ্য-শ্ৰাব্য মাধ্যমক সাৱধনতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

লগতে এইবোৰ পেইড নিউজৰ বিৰূদ্ধেয়ো নিৰ্বাচন আয়োগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে। সংবাদমেলত চাহুৱে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী খৰচৰ ওপৰতো তীক্ষ্ন দৃষ্টি ৰাখিব বুলি কয়। তেওঁ কয় যে কোনা ৰাজনৈতিক দল অথবা প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবদ খৰচ কৰা টকাৰ সঠিক হিচাপ নিৰ্বাচনী আয়োগৰ হাতত জমা দিব লাগিব। এই ক্ষেত্ৰত কোনা বিসংগতি থাকিলে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়। সমগ্ৰ ৰাজ্যজুৰি বৰ্তমান নিৰ্বাচনী প্ৰচাৰ চলাই আছে ৰাজনৈতিক দলসমূহে। উল্লেখযোগ্য যে ৰাজ্যিক নিৰ্বাচনী আয়োগে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কণ্ঠশিল্পী তৰালী শৰ্মাক নিৰ্বাচনৰ সজাগতাৰ বাবে চুক্তিবদ্ধ কৰিছে। তদুপৰি ভোটাৰ হেল্পলাইন নামৰ এটা ম’বাইল এপৰ জৰিয়তে ভোটাৰসকলে বিভিন্ন অসুবিধা তথা সমস্যাসমূহৰ সমাধান বিচাৰিব পাৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।