শিৱসাগৰ: শিৱসাগৰত বীৰ লাচিত সেনা অসম, ঐক্য সেনা অসমৰ লগতে বিভিন্ন দল সংগঠন আৰু ভুক্তভোগী ৰাইজৰ সহযোগত আজি দুঘণ্টীয়া ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হয়। শিৱসাগৰৰ ৰংঘৰ চাৰিআলিত শিৱসাগৰৰ ঐতিহাসিক দুৱৰণি আলিকে ধৰি অঞ্চলতোৰ বিধ্বস্ত হৈ পৰা কেইবাটাও পথ মেৰামতিৰ দাবীত এই পথ অৱৰোধ কাৰ্যসূচী অনুষ্ঠিত হয়।
বিভিন্ন দল সংগঠনৰ লগতে বৃহত্তৰ অঞ্চলবাসী ৰাইজে বাৰম্বাৰ জিলা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক যাতায়তৰ অনুপযোগী হৈ পৰা এই বিধ্বস্ত পথসমুহ মেৰামতিৰ দাবী জনায় আহিছে যদিও কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাত উপায়ন্তৰ হৈ পথ অৱৰোধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হয়।
সংগঠনসমূহে আজি প্ৰশাসনিক বিষয়াৰ উপস্থিতিত পথ অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে যদিও জিলা প্ৰশাসনক দহ দিনৰ সময়সীমা বান্ধি দিয়ে।
অন্যথা পথসমূহ অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰে সংগঠনসমূহে।