পথৰ দুৰাৱস্থাত যমৰ যাতনা ভূগিছে গোৰেশ্বৰবাসীয়ে

 05/03/2019 - 18:10

গোৰেশ্বৰঃ কংগ্ৰেছৰ শাসন কালত গুৰুত্ব লাভ কৰা নাছিল ৰাজ্যৰ গ্ৰাম্য এলেকাৰ সমস্যাসমূহে৷ পৰিৱৰ্তনকামী বিজেপি চৰকাৰেখনেও শাসনভাৰ হাতত লোৱাৰ ৫ বছৰ পাৰ হবৰ হ’ল৷কংগ্ৰেছৰ দৰেই বিজেপিৰো দুৰ্নীতি আৰু অৱহেলাৰ ৰূপ দেখা গৈছে৷ বিজেপিয়ে গ্ৰাম্য এলেকাৰ লোকক সপােন দেখুৱাই সাধাৰণ জনতাৰ বিশ্বাস জয় কৰি ৰাজ্যত চৰকাৰ গঠন কৰিছিল৷বিজেপি অগপ বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰখনে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ এতিয়াও অসাৰ হৈ থকা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত,ৰাস্তা-ঘাট,বিশুদ্ধ খোৱাপানী, শিক্ষা,স্বাস্থ্যখণ্ডৰ অনুন্নত পৰিৱেশে ৰাজ্য চৰকাৰখনৰ এতিয়া পাঁচ বছৰীয়া শাসনকালৰ চৰম বিফলতা উদঙাইছে দিছে বুলি ৰাইজে কবলৈ বাধ্য হৈছে৷

ক্ষমতা লাভৰ পিছত নেতা মন্ত্ৰী বিধায়ক সকলে নিজক লৈ ব্যস্ত হৈ পৰাত চৰকাৰৰ ওপৰত থকা ৰাজ্যবাসীৰ আস্থা কমি অহা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ গোৰেশ্বৰৰ বিভিন্ন অঞ্চলৰ দুৰৱস্থাই ৰাইজক যমৰ যাতনা ভোগাই আহিছে৷ গোৰেশ্বৰবাসীয়ে বিশেষকৈ পথৰ অৱস্থাৰ বাবেই বাৰিষা কালত নৰক যন্ত্ৰণা ভোগ কৰিব লগা হয়৷ বিশেষকৈ গোৰেশ্বৰ-খৈৰাবাৰী মূল পথটোৰ জৰাজীৰ্ণ অৱস্থাই অঞ্চলটোৰ ৰাইজৰ যাতায়তত অসুবিধাৰ সন্মুখীন হৈ আহিছিল৷ ৰাইজে পথটোৰ নিৰ্মাণৰ বাবে কেইবাবাৰো স্থানীয় বিধায়ক, বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল।

যোৱা ডিচেম্বৰত ৰাস্তাৰ কাম মেৰামতি কৰিছিল কিন্তু একাংশ ঠিকাদাৰ মইমতালিৰ বাবে ৫ মাহ নহওঁতে ৰাস্তটো ভাঙিবলৈ আৰম্ভ কৰে যাৰ ফলত আকৌ চৰম যাতনা ভোগ কৰিৱ লাগিব অঞ্চলবাসীয়ে৷ইয়াৰ মাজতে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বৰ্তমান জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ উদ্যোগত একেটা পথৰে গোৰেশ্বৰৰ পৰা চেউনী গাঁৱলৈ প্ৰায় তিনি কিঃমিঃ পথ মেৰামতি কৰা হৈছিল যদিও তাত ৰাইজে কোনো অসন্তুষ্টি প্ৰকাশ কৰা নাই |চেউনী পৰা কেৰ্পাভিঠাৰ চ'কলৈ যি ৰাষ্টা মেৰামতি কৰিলে ৫ মাহ নহওঁতে ভাঙিবলৈ আৰম্ভ কৰে| পৰিৱৰ্তন আৰু দুৰ্নীতিমুক্ত চৰকাৰৰ এনে নমুনাই ভাবিবলৈ বাধ্য কৰাই ৰাইজক পৰিবৰ্তন আৰু দুৰ্নীতি কিমান|বিটিচিৰ উন্নয়নৰ ফটা ঢোল বজাই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। গোৰেশ্বৰৰ বিভিন্ন অঞ্চলৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰা নাই বুলিও কয় ৰাইজে| ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰী আৰু বিটিচি পৰিষদৰ দুজনকৈ কাৰ্যবাহী থকাৰ পিছতো ৰাস্তাৰ কাম দুৰ্নীতি নোহোৱাকৈ কৰিব নোৱাৰা বিষয়টো পৰিতাপৰ বিষয় হৈ পৰিছে গোৰেশ্বৰবাসীৰ বাবে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।