হাটশিঙিমাৰীঃ দঃশালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত ভাৰত বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাত সীমান্ত সুৰক্ষা বাহিনীয়ে শুক্ৰবাৰে পুৱতি নিশা দহটা গৰুসহ চাৰিজন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, দঃশালমাৰা থানাৰ অধীনস্থ খাৰুৱা বান্ধা আৰক্ষী চকী এলেকাৰ ভাৰত বাংলাদেশ সীমান্তৰ বৰাইৰ আলগাত টহলদাৰী তথা পহৰা দিয়া সীমান্ত সুৰক্ষা বাহিনীৰ চকুত ধুলি দি দহটা গৰু বাংলাদেশলৈ পাৰ কৰিবলৈ চেষ্টা কৰি থাকোতে গৰুসহ চাৰিজনকৈ চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে।
ইয়াৰোপৰি আটক সৰবৰাহকাৰী চাৰিজনৰ পৰা তিনিটা পুৰণি মডেলৰ মবাইল আৰু ভাৰতীয় ৬৪০ টকা জব্দ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে। জানিব পৰা মতে, আটক চোৰাং গৰু সৰবৰাহকাৰী চাৰি জন ক্ৰমে ভাৰত বাংলাদেশ সীমান্তস্থিত এলেকাৰ দুজন কোকৰাডাঙা গাঁৱৰ বাসিন্দা ৰহম আলীৰ পুত্ৰ কলিম উদ্দিন(১৯)আৰু শাহজাহান শেখৰ পুত্ৰ হানিফ শেখ(২০)। আন দুজন দেওয়ানেৰ আলগা গাঁৱৰ বাসিন্দা ৰছুল মহম্মদৰ পুত্ৰ ৰিজাউক কৰিম(২০)আৰু আৰদশ আলীৰ পুত্ৰ আছমত মোল্লাহ(১৮)।
সীমান্ত সুৰক্ষা বাহিনীয়ে জানিব দিয়া মতে, দহটা গৰুৰ বৰ্তমান বজাৰ মূল্য ১ লাখ ৭ হেজাৰ টকা আৰু তিনিটা ম’বাইলৰ মূল্য ১০ হেজাৰ টকাৰ লগতে জব্দ ভাৰতীয় ৬৪০ টকা সহ সৰ্বমুঠ ১,১৭,৬৪০ টকা। সীমান্ত সুৰক্ষা বাহিনীয়ে আটক চোৰাং গৰু সৰবৰাহকাৰী চাৰি জনক ইতিমধ্যে খাৰুৱা বান্ধা আৰক্ষীৰ হাতত গতাই দিয়ে। মন কৰিবলগীয়া যে, সীমান্ত সুৰক্ষা বাহিনীৰ কটকটীয়া টহল তথা পহৰাৰ মাজতো কেনেদৰে সীমান্তৰ মাজেৰে বাংলাদেশলৈ একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে চোৰাং গৰুৰ বেহা অব্যাহত ৰাখিছে সেয়া এক ৰহস্যজনক বিষয় হৈ পৰিছে। হাটশিঙিমাৰীৰ পৰা আব্দুল্লাহ শেখ।