৩৫ সংখ্যক বোকাজান কেন্দ্ৰীয় ব'হাগী উৎসৱৰ প্ৰস্তুতিঃ বিশিষ্ট কণ্ঠশিল্পী, সমাজসেৱিকা শশীকলা হাঞ্চেপীলৈ যশস্বী বঁটা

 05/03/2019 - 18:38

বোকাজান: ৩৫ বছৰত ভৰি দিয়া কাৰ্বি আংলংৰ ঐতিহ্যমণ্ডিত বোকাজান কেন্দ্ৰীয় ব'হাগী উৎসৱ অহা ১৩, ১৪ আৰু ১৫ মে'ত তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে ব্লক বাকৰিৰ কেন্দ্ৰীয় বিহুতলীত উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ সেই উপলক্ষে প্ৰাণজিৎ গগৈক সভাপতি, মণ্টু নাথক কাৰ্যকৰী সভাপতি, চন্দন ফুকন আৰু অৰ্জুন থাপাক যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে৷

১৩ মে'ৰ পুৱা উদযাপন সমিতিৰ সভাপতি প্ৰাণজিৎ গগৈয়ে পতাকা উত্তোলন আৰু কাৰ্যকৰী সভাপতি মণ্টু নাথে স্মৃতি তৰ্পণৰে অনুষ্ঠানৰ শুভ উদ্ধোধন কৰাৰ পিছতে পিঠা, জলপান, গামোছা, কণীযুঁজ, চিত্ৰাংকন আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ বিয়লি ৫ বজাত বাৰ্ষিক মুখপত্ৰ 'ৰঙালী' উন্মোচন কৰিব প্ৰকৃতিবিদ তথা বিশিষ্ট সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে৷ ইয়াৰ পাছতেই অসমৰ কেইবাটাও আগশাৰীৰ বিহুদলৰ বিহু হুঁচৰি প্ৰদৰ্শনৰ সমসাময়িকভাবে সদৌ অসম ভিত্তিত বিহুৱতী আৰু বিহুপৰী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷

১৪ মে'ৰ বিয়লি ৩ বজাৰ পৰা সমসাময়িকভাবে সদৌ অসম ভিত্তিত চেমনীয়া বিহু আৰু জেংবিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ সন্ধিয়ালৈ শুক্ৰাচাৰ্য ৰাভা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত শিৱসাগৰ সন্মিলিত ছোৱালী বিহু দলে বিহু প্ৰদৰ্শন কৰাৰ লগতে সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হ'ব আমন্ত্ৰিত কণ্ঠশিল্পী ময়ুৰী শইকীয়া আৰু সঙ্গীবৃন্দ৷

১৫ মে'ৰ সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব বোকাজান কেন্দ্ৰীয় ব'হাগী উৎসৱৰ যশস্বী বঁটা প্ৰদান অনুষ্ঠানৰ লগতে প্ৰতিযোগীতাৰ বঁটা বিতৰণী অনুষ্ঠান৷ এইবৰ্ষৰ যশস্বী বঁটা আগবঢ়োৱা হৈছে কাৰ্বি আংলংৰ বিশিষ্ট কণ্ঠশিল্পী তথা সমাজসেৱিকা শশীকলা হাঞ্চেপীলৈ৷ ইয়াৰ পাছতেই অনুষ্ঠিত হ'বলগীয়া দিপালী বৰঠাকুৰ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰিব জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট প'ষ্ট'ৰ কে.কে. আৰু মোহনৰ লগতে সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হ'ব আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস আৰু দেৱপ্ৰতীমৰ গীতৰ শৰাই৷

বোকাজান কেন্দ্ৰীয় ব'হাগী উৎসৱৰ প্ৰতিটো কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ উদযাপন সমিতিয়ে সমূহ বিহুপ্ৰেমী ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰাৰ লগতে অনুষ্ঠানৰ প্ৰতিযোগিতাসমূহৰ লগতে অন্যান্য বিষয়ত বিশদভাৱে জানিবলৈ ৯৬৭৮৩২১১৩৯ আৰু ৭০০২৫২৯০৪১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।