বহি:ৰাজ্যত মৃত্যু তামুলপুৰৰ যুৱকৰ: পৰিকল্পিত হত্যাৰ সন্দেহ পৰিয়ালৰ

 05/03/2019 - 18:58

তামুলপুৰ: কৰ্ণাটকত মৃত্যু তামুলপুৰৰ চ'কামাৰীৰ এজন যুৱকৰ৷ মৃত যুৱকজনৰ নাম জয়কান্ত কলিতা (৩১)। কৰ্ণাটকৰ উডুপি জিলাৰ মেচাৰ্চ কাৰাৱলি ওচেন প্ৰডাক্টচ প্ৰা: লি: নামৰ কোম্পানী এটাত কৰ্মৰত আছিল যুৱকজন৷ বৃহস্পতিবাৰে মৃত জয়কান্তৰ পত্নীয়ে জয়কান্তই আত্মহত্যা কৰা বুলি বায়েকক ফোনযোগে জনাইছিল যদিও বায়েকে সবিশেষ জানিব বিচৰাত ফোনৰ যোগাযোগ বিচিন্ন কৰি দিছিল৷

জয়কান্তৰ বায়েকে লগে লগে পৰিয়াল তথা আত্মীয় স্বজনক খবৰটো দিয়াত পৰিয়ালৰ মাজত হুৱাদুৱা লাগে৷ পিছত জয়কান্তৰ পৰিয়ালৰ লোকে কৰ্ণাটকত থকা গাঁঁৱৰ অন্য এজন লৰাৰ পৰা জয়কান্তৰ মৃত্যুৰ খবৰ নিশ্চিত কৰে৷ কালিয়েই পৰিয়ালৰ দুজন লোক কৰ্ণাটক অভিমুখে ৰাওনা হয়৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বিগত ১২ বছৰ ধৰি জয়কান্তই উল্লেখিত কোম্পানীটোত কাম কৰি আছিল৷ দুবছৰ আগতে একে কোম্পানীত কাম কৰা কৰ্ণাটকৰ যুৱতী ৰেণুকা গৌড়াৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল যুৱকজন৷ যোৱা বছৰ তামুলপুৰৰ ঘৰলৈকো আনিছিল ৰেনুকাক৷ যোৱা মাঘ বিহুৰ সময়ত জয়কান্ত অকলে ঘৰলৈ আহিছিল আৰু এটি গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

কিন্তু পত্নী ৰেণুকাৰ হাতত জমা থকা ধন জয়কান্তক নিদিয়াক লৈ দুয়োৰে মাজত ফোনতে বাকযুদ্ধ হৈছিল৷ গৃহ নিৰ্মাণৰ কামত প্ৰয়োজন হোৱা ধন নোপেৱাত জয়কান্তই যোৱা ২২ এপ্ৰিলত তামুলপুৰৰ ঘৰৰ পৰা কৰ্মস্থলীলৈ গৈছিল৷ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে জয়কান্তৰ পত্নী কৰ্ণাটকৰ যুৱতী ৰেণুকা গৌড়াৰ হাতত জমা আছিল বৃহৎ পৰিমানৰ ধন৷

ইয়াকে লৈ চলি আছিল দুয়োৰে মাজত সংঘাত৷ ইয়াৰ মাজতে কালি ২ মে'ত হঠাৎ জয়কান্তৰ আত্মহত্যাৰ খবৰে পৰিয়ালৰ লোকক মৰ্মাহত কৰি তুলিছে৷ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে জয়কান্তৰ পত্নীয়ে ধনৰ লোভতে পৰিকল্পিতভাৱে জয়কান্তক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে৷

জয়কান্তৰ মৃত্যুৰ খবৰ পাই পিতৃ-মাতৃৰ লগতে আত্মীয় স্বজন শোকত ভাগি পৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।