বামুনপুখুৰী-তুলসীজান পথৰ তথৈবচ অৱস্থাঃ আছুৰ স্মাৰকপত্ৰ প্ৰদান

 05/03/2019 - 19:24

বামুনপুখুৰীঃ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বামুনপুখুৰী হৈ তুলসীজান পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে জনসাধাৰণক। উল্লেখ্য যে ৰাস্তাৰ কাম অতি নিম্নমানৰ হোৱাৰ ফলত জনসাধাৰণৰ আহ-যাহত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।

গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰৰ গোপন বুজাবুজিৰ বাবে জনসাধাৰনে জীয়াতু ভূগিবলগীয়া হৈছে। বনাই তুলসীজান পথৰ মেৰামতিৰ দাবীত শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱব্ৰত শইকীয়া আৰু সম্পাদক কংকুল বৰুৱা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ টীয়ক ৰাজহ বিষয়াৰ যোগেদি জিলা উপযুক্তলৈ প্ৰেৰণ কৰিছে।

স্মাৰকপত্ৰত উল্লেখ থকা মতে যদি অতি সোনকালে উক্ত পথছোৱাৰ মেৰামতিৰ কাম সম্পূৰ্ণ নকৰে তেন্তে ছাত্ৰ সন্থাই ৰাইজৰ স্বাৰ্থত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিছে। বাতৰি কাকতলৈ প্ৰেৰিত এক বিবৃত্তিত শিমলুগুৰি মৌজা আছুৰ উপদেষ্টা তথা যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱাই ঠিকাদাৰ আৰু গড়কাপ্তানী বিভাগৰ গোপন বুজাবুজিৰ বাবে জনসাধাৰণক হাৰাশাস্তি কৰাৰ বাবে বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। তেওঁ লগতে কয় যদি অতি সোনকালে মেৰামতিৰ কামৰ অগ্ৰগতি নহয় তেন্তে ছাত্ৰ সন্থাই ৰাইজৰ স্বাৰ্থত যিকোনো পদক্ষেপ লবলৈ বাধ্য হ’ব বুলি সকীয়াই দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।