বাহাৰঘাট: কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত কঞা থানাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গৰু চোৰক কেন্দ্ৰ কৰি থানাৰ চৌহদত আৰক্ষী আৰু ৰাইজৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে বিগত সময়চোৱাত সমগ্ৰ উত্তৰ কামৰূপত গৰু চোৰৰ সন্ত্ৰাসে জনসাধাৰণ আৰু আৰক্ষীৰ মূৰৰ কামোৰ হৈ থকা সময়তে লাচী বিষ্ণুপুৰ গাঁৱত ৰাইজে দিন দুপৰতে কৰায়ত্ত কৰে দুধৰ্ষ গৰু চোৰ এটাক। পথাৰত ঘাঁহ খাই থকা অৱস্থাতে চুৰি কৰিবলৈ লওঁতে ধুহিৰ ইছলামপূৰৰ ইব্ৰাহিম আলী নামৰ চোৰ জনক কৰায়ত্ত কৰে যদিও বাকী দুজন পলাই যাবলৈ সক্ষম হয়। ঘটনাস্থলীত কঞা আৰক্ষী উপস্থিত হৈ চোৰজনক উদ্ধাৰ কৰি লৈ আহে। গৰু চুৰিত জড়িত বাকী দুই জনক কৰায়ত্ত কৰাৰ দাবীত গাঁওবাসী থানাৰ চৌহদত উপস্থিত হয় যদিও থানাৰ আৰক্ষীয়ে গাঁওবাসীৰ এজনক বুকত খামুচি ধৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত শীৰ্ষ আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ হয় যদিও গৰু চোৰৰ লগত আৰক্ষীয়ে গোপন মিতিৰালি ৰখাৰ অভিযোগ উত্থাপিত হৈছে।
আনহাতে কিছুদিন ধৰি অঞ্চলটোত গৰু চোৰ হৈ থকাত আৰক্ষীৰ ভূমিকা সন্দেহ জনক বুলি বু বা ওলাইছে সচেতন মহলত।