৫১ সংখ্যক বাৰ্ষিক ৰঙাপৰা ৰেলৱে ৰঙালী বিহু সন্মিলনৰ প্ৰস্তুতি

 05/03/2019 - 20:07

ৰঙাপৰাঃ ৫১ সংখ্যক বছৰত ভৰি দিয়া শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত ৰঙাপৰা ৰেলৱে ৰঙালী বিহু সন্মিলন অহা ১১ আৰু ১২ মে'ত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে ৰেলৱে খেলপথাৰ,ৰঙাপৰাত উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে৷ সেই উপলক্ষে অংকু প্ৰসাদ সিংহ সভাপতি, অপূৰ্ব দাসক কাৰ্যকৰী সভাপতি, অসীম ডেকা সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে৷

১১মে'ৰ আবেলি ৫ বজাত ৫ বছৰৰ পৰা ১২ বছৰৰ শিশু সকলৰ মাজত মৌকুঁৱৰী আৰু মৌকুঁৱৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। তাৰপাছত সন্ধিয়া ৮ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত কৰা হ’ব বুলি আয়োজক সমিতিয়ে অৱগত কৰে। ১২ মে'ৰ বিয়লি ৫ বজাত খেল-ধেমালি আৰু মৌকুঁৱৰী আৰু মৌকোঁৱৰ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হ’ব।

সন্ধিয়া ৭ বজাত আমন্ত্ৰিত বিহুৱা দলৰ বিহু নৃত্যৰ প্ৰদৰ্শন আৰু বাৰে ৰহণীয়া কৃষ্টি দল বিশ্বনাথ চাৰিআলিৰ 'সুন্দৰম লোকবাদ্য সাংস্কৃতিক গোষ্ঠীৰ 'কৃষ্টি প্ৰদেশৰ আয়োজন কৰা হৈছে বুলি আয়োজক সমিতিয়ে অৱগত কৰে। নিশা ৮ বজাত অসমৰ জনপ্ৰিয় কৌতুক গোষ্ঠী "চুপতি"ৰ কৌতুক অনুষ্ঠান আয়োজন কৰা হৈছে। ৰাতি ৯:৩০বজাত অনুষ্ঠিত সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হ'ব আমন্ত্ৰিত কণ্ঠশিল্পী কুমাৰ ধীৰাজ আৰু দেবাৰ্চনা কাশ্যপৰ গীতৰ শৰাই৷ ৰঙাপৰা ৰেলৱে ৰঙালী বিহু সন্মিলনৰ প্ৰতিটো কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ উদযাপন সমিতিয়ে সমূহ বিহুপ্ৰেমী ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।