ন্যায় পাবনে মৃত কুলছুমা আৰু তেওঁৰ পুত্ৰই

 05/03/2019 - 20:19

বৰপেটাঃ কুলছুমা খাতুনক মনত আছে নে? হোজাই জিলাৰ ছাৰ্কেবস্তিত উচ্ছেদৰ নামত পুলিচ আৰু অৰ্ধ সামৰিক বাহিনীয়ে হত্যা কৰা গৰ্ভৱতী মহিলাগৰাকী আছিল কুলছুমা খাতুন। মৃত্যুৰ পূৰ্বে কুলছুমাই প্ৰসৱ কৰিছিল এটি পুত্ৰ সন্তান। আজি দেৱশিশুটিয়েও গুৱাহাটী মেডিকেল কলেজত চিৰদিনৰ বাবে চকু মুদিলে। মাতৃৰ মমতাৰ পৰা বঞ্চিত হৈয়ে মৃত্যু হ’ল শিশুটিৰ।

কুলছুমাৰ মৃত্যুক লৈ চৰকাৰী দপ্তৰত নানা ষড়যন্ত্ৰ চলিছে। ন্যায়ৰ পথত যুঁজ দি থকাসকলৰ লগতো চৰকাৰী পক্ষই সৃষ্টি কৰি আছে নানা জটিলতাৰ। জিএমচিএইছে শেহতীয়াভাৱে কৈ আছে যে কুলছুমাৰ মৃত্যু হেনো হস্পিটেলত হোৱা নাই! কিছুদিন পিছত হয়তো ক’ব কুলছুমা আৰু তেওঁৰ পুত্ৰ বোলা কোনো চৰিত্ৰই নাছিল! ন্যায় পাবনে এই দুৰ্ভগীয়া মাতৃ-পুত্ৰহালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।