বঙাইগাঁও জিলাৰ শলমাৰীত পুনৰ পত্নী হত্যা

 05/04/2019 - 11:59

কলগাছিয়া: বঙাইগাঁও জিলাৰ শলমাৰীত সংঘটিত হৈছে এক জঘন্য ঘটনা। স্বামীয়ে হত্যা কৰিলে ৬ মহীয়া গৰ্ভৱতী পত্নীক। স্বামী জাকিৰ হুছেইনে নিশা শাৰীৰিক অত্যাচাৰ কৰি পত্নী মফিদা খাতুনক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। মফিদা খাতুনে বিষ পান কৰা বুলি পৰিয়ালক খবৰ দিছিল স্বামী জাকিৰ হুছেইনে।

মফিদা খাতুনক সংকটজনক অৱস্থাত এম্বুলেঞ্চত উঠাই দিয়াৰ পিছতেই পলায়ন কৰে স্বামী জাকিৰ হুছেইন। কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ পিছতেই মৃত্যু হয় মফিদা খাতুনৰ।

জানিব পৰা মতে, স্বামী জাকিৰ হুছেইনৰ পৰকীয়া প্ৰেম থকাৰ বাবেই দীৰ্ঘদিনৰ পৰাই মফিদা খাতুনক চলাই আহিছিল শাৰীৰিক নিৰ্যাতন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।