কাৰ্বি আংলঙত ভয়ংকৰ পথ দুৰ্ঘটনা: এগৰাকী মহিলা নিহত

 05/04/2019 - 12:15

কাৰ্বি আংলং: কাৰ্বি আংলঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী গাড়ীৰ খুন্দাত নিহত হৈছে এগৰাকী মহিলা। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল আৰক্ষী চকীৰ অন্তৰ্গত থকা ফুলনি বজাৰৰ সমীপৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনাটো।

ফুলনি বজাৰৰ নিবাসী সাগৰ দাসৰ পত্নী পুতলা দাস নামৰ মহিলাগৰাকীৰ এই পথ দুৰ্ঘটনাটোত মৃত্যু হয়। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনখন। ঘটনাস্থলিত উত্তৰ বৰবিল আৰক্ষী আহি উপস্থিত হয় যদিও গাড়ীখন ধৰিবলৈ সক্ষম নহয়।

কাৰণ ঘটনাটো সংঘটিত হোৱাৰ সময়ত কোনো লোক উক্ত স্থানত উপস্থিত নাছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।