টীয়কত এচবিআই গ্ৰাহকৰ পৰা হৰলুকি ৮০ হাজাৰ টকা

 05/04/2019 - 12:27

টীয়ক: যোৰহাট জিলাৰ টীয়কৰ ভাৰতীয় ষ্টেট বেঙ্কৰ এগৰাকী গ্ৰাহকৰ একাউণ্টৰ পৰা কোনো দুষ্টচক্ৰই ৮০ হাজাৰ টকা উলিয়াই নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। টীয়কৰ জগদুৱাৰৰ লক্ষীৰাম চাহু নামৰ গ্ৰাহকজনৰ একাউন্টৰ পৰা ২ মে'ৰ দিনা গুৱাহাটীৰ জিএচ ৰোডৰ এটা এটিএমৰ পৰা ৪০ হাজাৰ টকা এটিএম কাৰ্ডৰে আৰু বাকী ৪০ হাজাৰ টকা এটিএম ট্ৰেন্সফাৰৰ যোগেদি মোকলাই নিয়ে।

গ্ৰাহকগৰাকীৰ নিজৰ লগত এটিএম থকাৰ পাছতো কি দৰে দুষ্টচক্ৰই গ্ৰাহকৰ অজ্ঞাতে এনেদৰে ধন হৰলুকি কৰি নিলে সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে। ব্যক্তিজনে উক্ত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে টীয়ক আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে। ৰাজ্যজুৰি বৃদ্ধি পোৱা বেংকৰ ধন লুটৰ ঘটনা যেন এতিয়া সাধাৰণ ঘটনালৈ পৰিণত হৈছে৷

টীয়কৰ বহু গ্ৰাহকৰ এইদৰে নিজৰ কষ্টোপাৰ্জিত ধন বেংকৰ পৰা দুষ্টচক্ৰই কু-চক্ৰান্তৰ জৰিয়তে লুটিবলৈ সক্ষম হৈছে৷

কিন্তু বহু এনে ঘটনা সংঘটিত হ'লেও এই চক্ৰক উৎখাত কৰিবলৈ প্ৰশাসন সক্ষম নোহোৱাতোহে আশ্চৰ্যজনক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।