উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত 'সংস্কাৰ ভাৰতী অসম'ৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

 05/04/2019 - 13:12

উত্তৰ গুৱাহাটী: 'সংস্কাৰ ভাৰতী অসম'ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অসমৰ ১২৬ টা সমষ্টিত পৃথকে পৃথকে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ কৰা হ'ব। এই উপলক্ষে শুক্ৰবাৰে জালুকবাৰী সমষ্টি ভিত্তিত পুৱা ১০ বজাৰ পৰা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত "আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ" শীৰ্ষক সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

ইয়াত জালুকবাৰী সমষ্টিৰ চৰকাৰী বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোৰ উদ্ধোধনী সভাখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে জালুকবাৰী সমষ্টিৰ উদযাপন সমিতিৰ সভাপতি দীপক দাসে। 'সংস্কাৰ ভাৰতী অসম'ৰ সভাপতি নৃপেন কলিতাই প্ৰাৰম্ভিক ভাষণ দাঙি ধৰে।

কলিতাই তেখেতৰ ব্যক্তব্যত কয় সংস্কাৰ ভাৰতীৰ উদ্দেশ্য হ'ল "সা কলা য়া বিমুক্তয়ে"। মুখ্য বক্তা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ঈশাকুৰ শইকীয়াই কয় সাহিত্য সংগীত আৰু কলা বিহীন মানুহ নেজ আৰু শিং নোহোৱা পশুতুল্য। আন এগৰাকী বক্তা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিলীপ দাসে অনুষ্ঠানৰ প্ৰতিযোগীসকলক সুভাশীষ প্ৰদান কৰে। ইয়াৰ পিছতেই ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি নন্দ বেনাৰ্জীয়ে সমবেত সংগীত প্ৰতিযোগিতাৰ উদ্ধোধন কৰে।

প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকে অসমৰ সংগীত জগতৰ দুগৰাকী কুকিলকণ্ঠী গায়িকা মনিষা হাজৰিকা আৰু নমিতা ভট্টাচাৰ্য্য। প্ৰতিযোগিতাখনৰ অন্তত বিচাৰকদ্বয়ে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন 'ক' প্ৰথম স্হান, শংকৰদেৱ জাতীয় বিদ্যালয় বেজেৰা দ্বিতীয় আৰু শংকৰদেৱ শিশু নিকেতন ফুলুঙক তৃতীয় হিচাপে ঘোষিত কৰে। শ্বহীদ ধনবৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাত জালুকবাৰী সমষ্টিৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

অনুষ্ঠানটোৰ আঁত ধৰে জালুকবাৰী সমষ্টিৰ সংস্কাৰ ভাৰতী অসমৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে। প্ৰতিযোগিতাখনিত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীসকলে ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰে। 'সংস্কাৰ ভাৰতী অসম'ৰ উদ্যোগত বিগত চৌবিশটা বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তত অসমীয়া সংস্কৃতিৰ বিশুদ্ধ ৰূপটোৰ সুৰক্ষা আৰু নৱপ্ৰজন্মৰ মাজত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ সাধনৰ উদ্দেশ্যে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰি অহা হৈছে।

এইবেলি 'সংস্কাৰ ভাৰতী অসম'ৰ ৰূপালী জয়ন্তী বৰ্ষ। সেয়েহে এই বছৰ অসমৰ প্ৰতিটো বিধানসভা সমষ্টি ভিত্তিত "আজি জীৱন বুটলিবি হাঁহি হাঁহি আহ" শীৰ্ষক এলানি সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত একোটা সমষ্টিৰ অন্তৰ্গত ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব।

প্ৰতিটো সমষ্টিৰ পৰা দুটা দলক নিৰ্বাচিত কৰি প্ৰথম জিলা ভিত্তিত পৰৱৰ্তী পৰ্যায়ত সদৌ অসম ভিত্তিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। সদৌ অসম ভিত্তিত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত শ্ৰেষ্ঠ দল তিনিটাক পুৰস্কৃিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।