'ফণী'ক লৈ ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ বৰপেটা জিলা প্ৰশাসনৰ

 05/04/2019 - 13:47

বৰপেটাঃ সামুদ্ৰিক ধুমুহা 'ফণী'ক লৈ ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ বৰপেটা জিলা প্ৰশাসনৰ ৷কেতবোৰ জৰুৰী নিৰ্দেশনা জাৰি জিলা দণ্ডাধীশ মুনীন্দ্ৰ শৰ্মাৰ ৷নদী, উপ-নদীত মাছ মৰাত নিষেধাজ্ঞা।

ব্ৰহ্মপুত্ৰ, বেঁকীসহ অন্যান্য উপনৈৰ ওপৰেৰে সকলোধৰণৰ নাওঁ আৰু ফেৰী চলাচল বন্ধৰ নিৰ্দেশ। ৪ মে'ৰ পৰা ৭ মে' পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা৷

জিলা প্ৰশাসনে ইতিমধ্যে দুটাকৈ হেল্পলাইন নাম্বাৰ মুকলি কৰিছে। নম্বৰ দুটা হৈছে ০৩৬৬৫২৩৬০৮৫ আৰু ০৯৩৬৫৩৬৯০৬৯।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।