অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান

 03/01/2019 - 17:11

গুৱাহাটীঃ সমগ্ৰ অসমত মৃত্যু বিভীষিকা হিচাপে অহা সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে অভিযান চলাই গুৱাহাটী মহানগৰীত। যোৰহাট,গোলাঘাটৰ পিছত এইবাৰ বঙাইগাঁৱতো মৃৃত্যু হয় অন্য বহুকেইজন লোকৰ। ইয়াৰ পিছতেই স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে ভাঙি চূৰমাৰ কৰে চুলাই ঘাটিসমূহ।

শতিকাৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেদীত নিঠৰুৱা হৈছে বহুতো পৰিয়াল, হেৰুৱাইছে আপোনজনক, কোনো কোনো পৰিয়ালত পিতৃ-মাতৃয়ে নিঠৰুৱা কৰিছে সন্তানক। ইয়াৰ পিছতেই কেইবাদিনো ধৰি অভিযান চলাই আবকাৰী বিভাগে ধ্বংস কৰিছে ঘাটিসমূহ। গুৱাহাটী বৈকুণ্ঠ নগৰ পাহাৰ আৰু বামুণীমৈদামতো অভিযান চলাইছে আৰক্ষীয়ে।

কেৱল অবৈধ ঘাটিসমূহত অভিযান চলাই থাকিলেই পাৰিবনে সুৰা নিষিদ্ধ কৰিব? ইয়াৰ বিপৰীতে দেখা পোৱা গৈছে অনুজ্ঞাপত্ৰ থকা সুৰা বিপনীসমূহত দীঘলীয়া শাৰী। যদি চৰকাৰে সুৰাৰ ওপৰত ৰাজহ সংগ্ৰহৰ লোভ সামৰি অনুজ্ঞাপত্ৰসমূহ বাতিল কৰে তেনেহ’লে বহু পৰিমাণে কমি আহিব মানুহৰ ক্ৰমাৎ সুৰাৰ প্ৰতি বাঢ়ি অহা আসক্তি। এই ক্ষেত্ৰত চৰকাৰে কিয় কোনো পদক্ষেŽপ নলয় সেয়া এক ডাঙৰ প্ৰশ্ন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।