সোনাই-ৰূপাই অভয়াৰণ্যত অৰ্ধগলিত মৃতদেহ উদ্ধাৰঃ এসপ্তাহ ধৰি সন্ধানহীন হৈ আছিল যুৱকজন

 05/04/2019 - 16:19

ৰঙাপৰা: শোণিতপুৰৰ মিছামাৰীত এজন যুৱকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা অৰ্ধগলিত মৃতদেহটো মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিজয় নগৰৰ কেবিউছ তপ্ন বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে।

যোৱা শুক্ৰবাৰৰ সন্ধানহীন হৈ আছিল যুৱকজন। যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি সোনাই-ৰূপাই অভয়াৰণ্যৰ ঘন জংঘলত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

উল্লেখ্য যে মিছামাৰীৰ আজাৰবাৰীত শুক্ৰবৰীয়া বজাৰলৈ যুৱকজন পৰিয়ালৰ সৈতে আহিছিল আৰু তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল। মিছামাৰীৰ উক্ত অঞ্চলটোত চলি থকা অবৈধ সুৰাৰ বাবে অসামাজিক আৰু হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈ থকা বুলি আটছাৰ ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি সুৰেশ তাঁতীয়ে অভিযোগ তোলে।

ঘটনাস্থলীত উপস্থিত হৈ মিছামাৰী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।