শ্বহীদ বিপুল বৰাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ ল'লে মুখ্যমন্ত্রীয়ে

 05/04/2019 - 17:22

আমগুৰি: গৌৰীসাগৰ ধনেখোৱাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। নক্সালবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা বিপুল বৰাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী। শ্বহীদ পৰিয়ালক সোণোৱালে প্ৰদান কৰিলে ২০ লক্ষ্য টকাৰ চেক। শ্বহীদগৰাকীৰ পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

শ্বহীদ বিপুল বৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ বন্তি প্ৰজ্জ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। যোৱা ৪ এপ্ৰিলত ছত্তিশগড়ত মাওবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হৈছিল বিপুল বৰা।

আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে শক্তিমন্ত্ৰী তপন গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক প্ৰদীপ হাজৰিকা উপস্থিত থাকি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।