ফণীৰ আশংকাঃ দুৰ্যোগ আৰু স্বাস্থ্যৰ হেল্পলাইন নম্বৰ মুকলি

 05/04/2019 - 17:34

গুৱাহাটীঃ বিভিন্ন ৰাজ্যত এতিয়া ‘ফণী’ ঘূৰ্ণীবতাহৰ তাণ্ডৱ৷ এই ‘ফণী’ৰ তাণ্ডৱ অসমৰ কেইবাখনো জিলাত কম বেছি পৰিমাণে পৰাৰ আশংকা আছে৷ জিলা প্ৰশাসনে এই সতৰ্কতা জাৰি কৰিছে৷ ৰাজ্যৰ সুৰক্ষাৰ বাবে গুৱাহাটীকে ধৰি কেইবাখনো জিলাত ব্ৰহ্মপুত্ৰ ফেৰী চলাচলৰ ব্যৱস্থা নিষেধ কৰিছে৷ বতৰ বিজ্ঞান কেন্দ্ৰই অসমত মূলতঃ শনিবাৰ আৰু দেওবাৰে এই ‘ফণী’ ঘূৰ্ণী বতাহৰ আশংকা বেছি হ’ব বুলি সতৰ্ক কৰে৷ ৪ আৰু ৫ মে’ তাৰিখে চলাচল বন্ধ হ’ব ফেৰীৰ৷

গুৱাহাটী উত্তৰ গুৱাহাটীৰ ফেৰী চলাচল বন্ধ কৰাৰ উপৰিও য’ত ফেৰীৰে যাতায়ত কৰা হয় তাত যাতায়তৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে৷ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ কেইবাখনো জিলাক বিধ্বংসী ফণী(কালৰূপী ঘূৰ্ণীবতাহ)ৰ কমলাৰঙী আৰু হালধীয়াৰঙী কেটেগৰীত সতৰ্কতা জাৰী কৰি দিছে। ঘণ্টাত ৬০ৰ পৰা ৮০ কিঃ মিঃ বেগেৰে উত্তৰ-পূৱত সােমাব ফণী। বতৰ বিজ্ঞান কেন্দ্ৰই জনােৱামতে অসমত মূলতঃ শনি আৰু দেওবাৰে ইয়াৰ কেনে প্ৰভাৱৰ আশংকা প্ৰকাশ কৰিছে চাওঁ আহক-

৪ মে’ শনিবাৰঃ কমলাৰঙী সতৰ্কতা জাৰী- ধুবুৰী, কােকৰাঝাৰ, গােৱালপাৰা, বঙাইগাওঁ, চিৰাং, বৰপেটা, কামৰূপত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৃষ্টিপাতৰ লগতে দক্ষিণ শালমৰা, মানকাচৰ আৰু বাক্সাৰ ঠাই বিশেষে অতি প্ৰৱল বৃষ্টিপাতৰ আংশকাত সতৰ্কতা জাৰী কৰিছে।

হালধীয়াৰঙী সতৰ্কতা জাৰী- নলবাৰী, কামৰূপ (মহানগৰ), দৰং, মৰিগাওঁ, শোণিতপুৰ, ওদালগুৰি জিলাত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৃষ্টিপাতৰ সম্ভাৱনা।

৫ মে’ দেওবাৰঃ কমলাৰঙী সতৰ্কতা জাৰী- বঙাইগাওঁ, চিৰাং, বৰপেটা, নলবাৰী, বাক্সা, শোণিতপুৰ, ওদালগুৰি জিলাত প্ৰৱলৰ পৰা প্ৰৱলতৰ বৃষ্টিপাতৰ আশংকা।

হালধীয়াৰঙী সতৰ্কতা জাৰী- ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, কামৰূপ(মহানগৰ), দক্ষিণ শালমৰা, মানকাচাৰ, নগাঁও, হোজাই, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, যােৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড়ত অতি বৃষ্টিপাতৰ আশংকাত সতৰ্ক কৰি দিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

তৎপৰ হৈ পৰিছে দুৰ্যোগ প্ৰশমন বাহিনী৷ দুৰ্যোগৰ সময়ত ৰাইজৰ সুবিধাৰ্থে ১০৭০-১০৭৭-১০৭৯ হেল্পলাইন নম্বৰৰ ব্যৱস্থা কৰা হৈছে৷স্বাস্থ্য বিভাগেও হেল্পলাইন নম্বৰ মুকলি কৰি দিছে ৰাইজৰ সহায়ৰ বাবে৷ সহায়ৰ বাবে ০১১–২৩০৬১৩০২/২৩০৬৩২০৫/২৩০৬১৪৬৯ নম্বৰ মুকলি স্বাস্থ্য বিভাগৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।