১৫ মে’ত ঘোষণা কৰা হ’ব হাইস্কুল-হাইমাদ্ৰাছাৰ ফলাফল

 05/04/2019 - 17:37

গুৱাহাটী: ১৫ মে’ত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফলসমূহ। ১১ বজাত ছাত্ৰ–ছাত্ৰীয়ে নিজ বিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট।

ছেবাৰ ব'ৰ্ডৰ সভাত শনিবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এছএমএছ আৰু ছেবাৰ বিভাগীয় ৱেবছাইটত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল।

এই বছৰত হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাত অৱৰ্তীণ হৈছিল ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকী পৰীক্ষাৰ্থী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।