মুখত লৈ থকা ধূমপানৰ ধোঁৱাক হাঁহিলৈ সলনি কৰক কাইলৈ আপোনালৈ কঢ়িয়াই আনিব সুস্বাস্থ্য আৰু সুখ

 05/31/2020 - 13:51

মুকুটেশ্বৰ গোস্বামী: ধূম্ৰপান বিশ্বত প্রচলিত মাৰাত্মক নিচা। ইয়াৰ সেৱন বৰ্তমান যুৱ প্ৰজন্মৰ মাজত এক ফেচনত পৰিগণিত হৈছে। ক্ৰমান্বয়ে কিশোৰসকলো ধূম্ৰপানৰ কবলত পৰিছে। প্ৰতি বছৰে বিশ্বত ধূমপান কৰি ৮ মিলিয়ন লোক মৃত্যুৰ মুখত পৰে। যি কোনো ধূমপানেই স্বাস্থ্যৰ বাবে ভাবুকি সৃষ্টি কৰাৰ লগতে অত্যন্ত ক্ষতিকাৰক। এই কথা  সর্বজনবিদিত। তাৰপিচতো সকলো জানি বুজিয়েই বিশ্বৰ কোটি কোটি লোকে ধূমপান কৰি আহিছে। ধূমপান সেৱন কৰা ব্যক্তিসকলে বিভিন্ন স্বাস্থ্যৰ সমস্যাত ভোগে। বিশেষজ্ঞসকলৰ গবেষণাত দেখা যায়। ধূমপান একপ্ৰকাৰ প্রায় আত্মহত্যা। ধূমপানৰ অপকাৰিতা উপলব্ধি কৰাই সৰ্বসাধাৰণ ৰাইজক ধূমপান কৰাৰ পৰা বিৰত ৰাখিবলৈ নানা প্ৰচাৰ আৰু প্ৰচেষ্টা হাতত লোৱা হৈছে। মূলত ধূমপান এটি মাৰাত্মক নিচা। বিড়ি, চিগাৰেট, হুক্কা, পাইপ ইত্যাদি ধূমপানৰ নানা ৰকম মাধ্যমত সেৱন কৰে। 

চিগাৰেট হ'ল বহুল প্রচলিত। ধূমপানৰ অভ্যাস প্রথমে আৰম্ভ হয় কিশোৰ অৱস্থাতে বন্ধুৰ সংগত বা কৌতূহলৰ বশবর্তী হৈয়ো কিছুমানে আৰম্ভ কৰে। প্রাপ্তবয়স্কসকলে ধুমপানৰ প্ৰতি আকৰ্ষিত হোৱাৰ মূল কাৰণ স্মার্টনেচ, আভিজাত্য, সামাজিক অবস্থান ইত্যাদি। চিগাৰেট বা অন্যান্য প্রত্যেকটো ধূমপানৰ বাবে প্রয়োজন হয় ধপাত। ধপাত সেৱনৰ মাদকতা আছে সেইবাবেই ধুমপানৰ প্ৰতি আকৰ্ষিত হয়। এইবাবেই এবাৰ ধুমপান কৰা আৰম্ভ কৰিলে এৰা সম্ভৱ নহয়। এই ধপাতত নিকটিন নামৰ এবিধ বিষাক্ত পদার্থ আছে। যাৰ সেৱনৰ ফলত মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি হয়। সচৰাচৰ দেখা গৈছে ধূমপান কৰা ব্যক্তিসকল আঙুলিৰ ফাকবোৰত, ওঠ, জিভা, দাঁতৰ আলুৰ মাজত নিকটনেৰ প্রভাবত কলা পৰি পিছলৈ দুৰাৰোগ্য ব্যাধি হয়। ধূমপানৰ ফলত অকল যে মুখৰ বেমাৰ হয় তেনে নহয় ইয়াৰ ধোৱা শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি আমাৰ শ্বাসনালীয়েদি প্রথমে হাওঁফাওঁ তাৰ পিছত তেজৰ লগত মিহলি হয়। কিছু ধোৱা বাহিৰলৈকে ওলাই সেইবোৰে কাষৰ মানুহৰ ওপৰত প্ৰভাৱ পেলায় ইয়াক পেচিভ স্মকিং বুলি কয়। ধূমপানে হাওঁফাওঁ নষ্ট কৰে। লগে লগে দেহটো নিকটিনৰ আসক্ত হৈ যায় যাৰ ফলত কৰ্কট ৰোগ, যক্ষ্মা, ব্ৰংকাইটিছ ইত্যাদি ৰোগৰ চিকাৰ হয় ধূমপান কৰা ব্যক্তিসকল। প্রতিবাৰ ধূমপানে মানুহৰ আয়ুস কমাই পাঁচ মিনিট। ধূমপান ব্যক্তি জীৱনজ কাৰণ যিধৰনে ক্ষতিকাৰক তেনেদৰেই জাতীয় দেশৰ বাবেও ক্ষতিকাৰক।

ধূমপানৰ প্ৰভাৱত নিচাগ্রস্ত হোৱা ব্যক্তিৰ মূলত শ্বাসকষ্ট, হাঁপানি, যক্ষ্মা, ব্ৰংকাইটিছ, গেষ্টিক, আলচাৰ, হৃদৰোগ প্রভৃতিৰ মাৰাত্মক ৰোগ হয়। ধূমপানে দেশৰ স্বাস্হ্য আৰু চিকিৎসা ব্যৱস্থা ওপৰত প্ৰভাৱ পেলায়। এই নিচাযুক্ত লোকসকলে য'তে ত'তে খালি পেকেট, দিয়াচলাই কাঠি পেলাই লেতেৰা কৰে। লগতে বহু অগ্নিকাণ্ড মূলত এনে অৱশিষ্ট জ্বলি থকা চিগাৰেটৰ টুকুৰা বা দিয়াচলাই কাঠি। ধূমপান আসক্ত লোকসকলৰ কর্মক্ষমতা কমে যাৰ ফলত দেশ জাতি ক্ষতিগ্রস্ত হয়।

মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰি ধূমপান সেৱন হ্ৰাস কৰিব পাৰি । প্রচাৰ মাধ্যম ধূমপান বিৰোধী বিশেষ অগ্রণী ভূমিকা লব লাগিব। আনহাতে দেখা গৈছে যে চিগাৰেট বা ধপাত জাতীয় সামগ্ৰীৰ বিক্ৰেতা এটা গলিতে নেক। বহু নিবনুৱা সংস্থাপনৰ পাইছে। চৰকাৰে সৰ্ববৃহৎ ৰাজহ পায়। কোম্পানী বন্ধ কৰা সম্ভৱ নহয়। গতিকে নিজ সচেতন হৈ নিজক বচাবলৈ চেষ্টা কৰিব লাগিব লগতে সমাজখনক ধূমপানৰ অপকাৰিতা বিষয় অবগত কৰি  সর্বাত্মক প্রচেষ্টা চলাই যাব লাগিব।
ধপাত বিৰোধী শ্ল'গান :
Eliminate tobacco from your life before it kills you!

We need to burn calories daily, not tobacco!

Replacing the smoke on your face with a smile today will replace illness in your life with happiness tomorrow. ..

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।