অসমত হ'ব নেকি গুপ্তহত্যা: কৃষক মুক্তিৰ নেতাক অপহৰণ কৰি নিৰ্যাতন

 05/31/2020 - 14:38

উৎপল কুমাৰ কলিতা: নিৰ্বাচনলৈ চুপ হৈ থাকিবি, নিৰ্বাচনলৈ আমাক অসুবিধা নিদিবি। কৃষক মুক্তিৰ নেতাক অপহৰন কৰি নি ভাবুকি অস্ত্ৰ ধৰাৰ। অসমত হ'ব নেকি পুনৰ গুপ্তহত্যা।ঘুৰি আহিব নেকি ৯০ দশকৰ ভয়াবহ দিনবোৰ। অসমত প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰ আৰু দিল্লীত বিজেপিৰ কেন্দ্ৰ চৰকাৰৰ শাসনত অসমত চলিছিল ভয়াবহ গুপ্তহত্যা। য'তে ত'তে ওলাইছিল চৰকাৰ বিৰোধী প্ৰতিবাদী মানুহৰ মৃতদেহ। তেজৰ ডোঙাত ভৰি পিছলা পৰিবেশ হৈছিল। আজিও সেই গুপ্তহত্যাৰ হত্যাকাৰী চিনাক্ত নহল। কিন্তু লক্ষ্য আছিল চৰকাৰ বিৰোধী। এতিয়া পুনৰ প্ৰশ্ন হৈছে আহিব নেকি সেই অভিশপ্ত দিনবোৰ ঘুৰি। কৃষক মুক্তি সংগ্ৰাম সমিতি কৰ্মীৰ ওপৰত চলিছে গুপ্তহত্যাকাৰীদলৰ আক্ৰমণ।

উল্লেখ্য যে চাবুৱা কৃষক মুক্তি সংগ্ৰাম সমিতি নেতা দ্বীপনজ্যোতি ফুকনক পিষ্টল দেখুৱাই যোৱা ৰাতি তেওঁৰ নিজ গাওঁৰ পৰা কলা ৰঙৰ বলেৰো গাড়ীত অহা কোনো অচিনাক্ত গুপ্তহত্যাকাৰীদলৰ চকুত কলা কাপোৰ বান্ধি দি হাত-ভৰি বান্ধি লৈ যায় আৰু মাৰ-পিত কৰি অচেতন অৱস্থাত টেঙাখাত নদীৰ ওচৰৰ দলং এখত পেলাইথৈ যায়। পিছত তেওঁক গাওঁৰ ৰাইজে উদ্ধাৰ কৰে।

কৃষক নেতা জনে জানিব দিয়া মতে সশস্ত্ৰ দলটোৱে তেওঁক বহু ৰাজনৈতিক প্ৰশ্ন কৰাৰ লগতে নিৰ্বাচনলৈ তহতে আমাক অসুবিধা নিদিবি বুলি সকীয়নী দিয়ে। ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনাক লৈ সৰ্বানন্দ সোণোৱাল আৰু সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগক ধিক্কাৰ জনোৱাৰ লগতে তীব্ৰ প্ৰতিক্ৰিয়া জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। তেওঁ লোকৰ অভিযোগ চৰকাৰে ৰছনা কৰিছে গুপ্তহত্যাৰ পৰিকল্পনা। ঘুৰাই আনিব খুজিছে ৯০ দশকৰ কলা দিনবোৰ।

এতিয়া প্ৰশ্ন হল কোন সেই অস্ত্ৰধাৰী দুৰ্বৃত্ত যিয়ে ৰাজনৈতিক সকীয়নি দিলে কৃষক মুক্তিৰ নেতাক। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।