আন্তঃৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক দখল অসমৰ খেলুৱৈৰ

 05/04/2019 - 18:07

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশত অনুষ্ঠিত হোৱা ২য় আন্তঃৰাষ্ট্ৰীয় কেৰাটে চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছে অসমৰ তিনিজন যুৱ খেলুৱৈয়ে। অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ যুৱ খেলুৱৈ তিনিগৰাকী হৈছে- ইনামুল হক, হামিদুল ৰহমান আৰু ছাইদুৰ ৰহমান ছাইদক। এই তিনিগৰাকী খেলুৱৈক শনিবাৰে আমছুকে ধৰি স্থানীয় লোকসকলে আদৰণি জনায়।

উল্লেখযোগ্য যে- কেৰাটে এচ'ছিয়ছন অৱ ইণ্ডিয়াৰ দ্বাৰা অনুমোদিত সংস্হা "অল ভাৰত ছোট'কান কেৰাটে ডু ফেডাৰেচন'ৰ উদ্যোগত তথা ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ তত্বাৱধানত উত্তৰ প্ৰদেশত যোৱা ২৬ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কেৰাটে চেম্পিয়নশ্বিপত এই তিনিগৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।