ফণীৰ তাণ্ডৱ নহয়ঃ নদীত পৰিলগৈ আমেৰিকাৰ উৰাজাহাজ

 05/04/2019 - 18:29

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ফ্ল’ৰিডাত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ফ্ল’ৰিডাত ১৩৬জন যাত্ৰীক লৈ উৰা মাৰিবলগীয়া এখন বয়ং-৭৩৭ বিমানখন ৰাণৱেৰ পৰা পিচল খাই ছেন্ট জ’ন নদীত বাগৰি পৰে। নৱেল এয়াৰফৰ্চৰ এগৰাকী প্ৰবক্তাই জনায় এই কথা। কিন্তু এই ভয়ংকৰ দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই।

জানিব পৰা মতে, এই দুৰ্ঘটনাটো সংঘটিত হয় স্থানীয় সময় অনুসৰি নিশা ৯.৪০ বজাত। যেতিয়া বিমানখনে ৰাণৱেৰ পৰা উৰা মাৰিবলৈ চেষ্টা চলাইছিল, সেই সময়তে পিচল খাই বিমানখন সমীপৰে এখন নদীত বাগৰি পৰে। ইফালে, জেক্সনবিলেৰ মেয়ৰগৰাকীয়ে টুইটযোগে কয় যে, বিমানখনত থকা সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু বৈমানকৰ এটা দলে পানীত জেট ইন্ধন নিয়ন্ত্ৰণ কৰাৰ বাবে কাম কৰি আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.