আমগুৰিৰ দিকচু গাঁও পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ: বেলি ফুলে কৰিছে আশাৰ সঞ্চাৰ

 05/05/2019 - 11:48

আমগুৰি: আমগুৰিৰ দিকচু গাঁও পঞ্চায়তৰ এখন বিশেষ ফুলনি বাগিচাই বহু লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। পঞ্চায়তখনৰ কাষত শ শ বেলি ফুল ৰমকজমককৈ ফুলিবলৈ আৰম্ভ কৰিছে। পঞ্চায়তখনৰ অন্তৰ্গত অৰ্ধ শতাধিক মহিলাই এই বেলিফুলৰ পৰিচৰ্যা কৰি আহিছে।

যিটো সময়ত পঞ্চায়তৰ বিভিন্ন দুৰ্নীতিৰ বাতৰিয়ে শিৰোনাম দখল কৰিছে, ঠিক সেই সময়তে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দিকচু গাওঁ পঞ্চায়তে লোৱা উন্নয়নমূলক আঁচনিয়ে সচেতন ৰাইজৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে৷

পঞ্চায়তখনৰ নিজা ৰাজহ ভঁৰাল টনকিয়াল কৰিবৰ বাবে আবাদী হৈ পৰি থকা পঞ্চায়তৰ প্ৰায় ৪ বিঘা মাটিত পঞ্চায়তখনৰ পুৰুষ-মহিলা ওলাই আহি, হাবি-জংঘল কাটি, তিনি হাজাৰোধিক মাটি কঠালৰ খেতিৰ লগতে বহু মূল্যবান সাঁচিগছ ৰোপন কৰে৷

ইয়াৰ মাজে মাজে প্ৰায় ৩ বিঘা মাটিত ফুলা সূৰ্যমুখী ফুলৰ সৌন্দৰ্যই প্ৰকৃতিপ্ৰেমীৰ মন কাঢ়ি নিবলৈ সক্ষম হৈছে৷ আজিৰ পৰা পাঁচ বছৰৰ পাচত এই আঁচনিৰ জৰিয়তে কমেও ১০ লাখ টকা পঞ্চায়তে উপাৰ্জন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।