জাতি বিভেদৰ ভয়ংকৰ ৰূপ, দাউ দাউকৈ জ্বলিছে আমেৰিকা: বন্ধ কৰিব লগা হ'ল হোৱাট হাউচ

 06/01/2020 - 13:37

উৎপল কুমাৰ কলিতা: দাউ দাউকৈ জ্বলিছে আমেৰিকাৰ ইখনৰ পাছত সিখন চহৰ। বৰ্ণ বৈষম্যৰ দীৰ্ঘকাল ধৰি উমি উমি জলি থকা জুই কুৰাই ললে দাবানলৰ ৰূপ। ঘটনা সংঘটিত হৈছিল সোমবাৰে। ডেৰেক চৌভিন নামৰ শ্বেতাংগ আৰক্ষী বিষয়া এজনে সাধাৰণ দোষত ডিঙি মুচৰি ৰাজপথত হত্যা কৰিছিল জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগ লোকক। তাৰ পাছতে ওলাই আহিল প্ৰতিবাদী জনতা।

মুক্তিকামী কৃষ্ণাংগৰ বজ্ৰ গৰ্জন পৰিত হৈছে ব্যাপক হিংসালৈ। সান্ধ্য আইন ভাঙি ওলাই আহিছে দীৰ্ঘদিন ধৰি বৰ্ণবৈষম্যৰ স্বীকাৰ মানুহবোৰ। জ্বলাই দিয়া হৈছে গাড়ী, মটৰ, কাৰ্যলয়, আক্ৰম হৈছে নিৰাপত্তা পক্ষীৰ ওপৰত। আনকি বন্ধ কৰি দিব লগা হ'ল হোৱাট হাউচ। ক'ৰনাৰ বিভিষিকাই কঁপাই যোৱা আমেৰিকাত এতিয়া জুই আৰু জুই।

বিশ্বৰ বিভিন্ন দেশৰ ভাবুকি, আক্ৰমণেৰে শিৰনত কৰি ৰাখিব বিচৰা আমেৰিকাৰ চৰকাৰ অসহায় আজি মুক্তিকামী জনতাৰ বজ্ৰ গৰ্জনত। অসহায় নিজকে বিশ্বৰ মালিক জ্ঞান কৰা ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আচলতে দীৰ্ঘদিন এচাম শোষিত বঞ্চিত মানুহৰ ক্ষোভ এয়া, এই ক্ষোভ এজন বিষয়াক শাস্তি দি মৰিষন কৰা সম্ভৱ নহয়। এই জুই বৰ্ণবৈষম্যবাদৰ।

এতিয়া এই জুয়ে চাৰখাৰ কৰিব ওলাইছে সৰ্বশক্তিমান আমেৰিকাক। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।