চোৰাং কাঠ সৰবৰাহত জড়িত ৰে'ল কৰ্মচাৰীঃ হাতে লোটে ধৰি বন বিভাগক গতালে জাতীয় সংগঠনে   

 05/05/2019 - 12:51

মৰিয়নী: চোৰাং কাঠ সৰবৰাহত জড়িত হৈ পৰিছে ভাৰতীয় ৰে'ল বিভাগৰ কৰ্মচাৰী। মৰিয়নীৰ এগৰাকী ৰে'ল কৰ্মচাৰীয়ে ৰে'ল বিভাগৰ মাটিত থকা মূল্যবান গছ কাটি চোৰাংকৈ মিলত ফলাবলৈ নিয়া অৱস্থাতে জাতীয় সংগঠনৰ তৎপৰতাত কাঠৰ কুন্দাসহ এখন গাড়ী জব্দ কৰে বন বিভাগে। বন ধ্বংস কৰি চোৰাং কাঠৰ সৰবৰাহত জড়িত হৈ পৰিছে ভাৰতীয় ৰে'ল বিভাগৰ কৰ্মচাৰী। যি সময়ত চৰকাৰে গছ থাকিলেহে মানুহ থাকিব শ্ল'গানেৰে কোটি কোটি টকা ব্যয়েৰে বিভিন্ন আঁচনি ৰূপায়ন কৰি গছপুলি ৰোপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

তেনে সময়তে কেইটামান টকাৰ লোভত চৰকাৰী কৰ্মচাৰী ব্যস্ত হৈ পৰিছে বন ধ্বংস কৰি চোৰাং কাঠ সৰবৰাহত। ৰে'ল বিভাগৰ উচ্চহাৰৰ দৰমহাৰে পেট নভৰে এইজন জনৈক যাদৱ উপাধিৰ অনা-অসমীয়া ৰে'ল কৰ্মচাৰীজনৰ। সেইবাবে ৰে'ল বিভাগৰ মাটিত থকা মূল্যবান গছ কাটি চোৰাংকৈ বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল ভাৰতীয় ৰে'ল বিভাগত গাৰ্ডৰূপে কৰ্মৰত কৰ্মচাৰীজনে। কিন্ত্ত ৰে'ল কৰ্মচাৰীজনৰ এই কৰ্মকাণ্ডৰ বিষয়ে গোপন সূত্ৰে মৰিয়নীৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু তাই আহোম ছাত্ৰ সন্থাৰ একাংশ সদস্যই জানিব পাৰে।

সংগঠন দুটাৰ সদস্যসকলে আমেৰিকান ৰে'ল ক'লনীৰ পৰা নিশাৰ আন্ধাৰত এখন ট্ৰাকত গছৰ কুণ্ডাসমূহ তুলি নিবলৈ যো-যা কৰাৰ সময়তে মৰিয়নীৰ বন বিভাগক এই বিষয়ে অভিযোগ প্ৰদান কৰাত বন বিভাগ উপস্থিত হৈ ট্ৰাকসহ কুণ্ডাসমূহ জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে ৰে'ল বিভাগৰ কৰ্মচাৰীজনে প্ৰথম অৱস্থাত জাতীয় সংগঠনৰ সদস্যসকলক ৰে'ল বিভাগ আৰু বন বিভাগৰ পৰা গছ কটাৰ যাৱতীয় অনুমতি লোৱা বুলি দাবী কৰিছিল যদিও কৰ্মচাৰীজনে কোনোধৰণৰ নথি পত্ৰ দেখুৱাবলৈ সক্ষম নহ'ল।

আনহাতে বন বিভাগে কুন্দাসহ গাড়ীখন জব্দ কৰি ৰে'ল কৰ্মচাৰীজনৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইফালে ৰে'ল বিভাগৰ তৰফৰ পৰাও কৰ্মচাৰীজনক গছ কটাৰ অনুমতি প্ৰদান কৰাৰ কথা অস্বীকাৰ কৰাৰ লগতে কৰ্মচাৰীজনৰ বিৰুদ্ধে অনুশাসন ভংগৰ অপৰাধত শাস্তি প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।

এগৰাকী ৰে'ল বিভাগৰ কৰ্মচাৰীয়ে ৰে'ল বিভাগৰ মূল্যবান গছ কাটি চোৰাং সৰবৰাহ কাৰ্যত জড়িত হোৱা ঘটনাই মৰিয়নীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে সচেতন মহলে।   

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।