পশ্চিমবংগত কৰ্মৰত অসম আৰক্ষী বিষয়াৰ সতীৰ্থৰ গুলিত নিহত: নগাঁৱত শোকাকুল পৰিবেশ

 05/05/2019 - 13:22

নগাঁও: পশ্চিমবংগৰ হাওৰা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰিবলৈ গৈ সতীৰ্থ জোৱানৰ হাতত মৃত্যু হোৱা উপ পৰিদৰ্শক ভোলানাথ দাসৰ বাসগৃহত শোকাকুল পৰিবেশে বিৰাজ কৰিছে। আৰক্ষী বেটেলিয়নৰ উপ পৰিদৰ্শক দাসৰ নগাঁৱৰ তুলসিমুখ বুঢ়াগোঁসাই গাঁৱত কালি বহুলোকে ভিৰ কৰে। উল্লেখ্য যে লোকসভা নিৰ্বাচনত নিৰাপত্তাৰ দায়িত্ব লৈ অসমৰ পৰা পশ্চিমবংগৰ হাওড়া জিলাৰ বাগানলৈ যোৱা অসম আৰক্ষীৰ সাত নম্বৰ বেটেলিয়নৰ উপ পৰিদৰ্শক ভোলানাথ দাসে লক্ষীকান্ত বৰ্মন নামৰ এজন সতীৰ্থৰ গুলিত প্ৰাণ হেৰুৱাইছিল।

তদুপৰি সতীৰ্থ জোৱানজনৰ গুলিত আন দুগৰাকী জোৱান গুৰুতৰৰূপে আহত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। জানিব পৰা মতে অসম আৰক্ষীৰ দলটোৰ মাজত কোনো বিষয়ক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত ঘটিছিল। এই কাজিয়াই এটা সময়ত ভয়াৱহ ৰূপ লয়।

অসম আৰক্ষীৰ সাত নম্বৰ বেটেলিয়নৰ জোৱান লক্ষীকান্ত বৰ্মনে নিজৰ ৰাইফলেৰে সতীৰ্থ জোৱানসকলক লক্ষ্য কৰি ধাৰাষাৰে গুলিয়াবলৈ ধৰে। মুঠ ১৮ জাঁই গুলি চালনা কৰাৰ ফলত সপ্তম অসম আৰক্ষী বাহিনীৰ উপ পৰিদৰ্শক ভোলানাথ দাস থিতাতে নিহত হোৱাৰ লগতে গুলিবিদ্ধ হৈ ৰণ্টুমনি বড়ো আৰু অনিল ৰাজবংশী নামৰ জোৱানদ্বয় গুৰুতৰৰূপে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।

বুঢ়াগোঁসাই গাঁৱৰ বিভিন্ন সামাজিক কামত জড়িত থকা ভোলানাথ দাসৰ মৃত্যুত সমগ্ৰ গাঁওখনতে এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে। গাঁওবাসীয়ে দাসৰ হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী তুলিছে। ইতিমধ্যে জানিব পৰা মতে লক্ষীকান্ত বৰ্মন নামৰ জোৱানজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে লক্ষীকান্ত বৰ্মন নামৰ জোৱানজন মানসিকভাৱে অসুস্থ আছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।