নগাঁও: সামুদ্ৰিক ধুমুহা ফণীকলৈ নগাঁও জিলাতো জনসাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। বিশেষকৈ বিধংসী ফণীয়ে ওড়িশাত তাণ্ডৱ চলোৱাৰ লগতে ইয়াৰ প্ৰভাৱ উত্তৰ পূৰ্বাঞ্চলতো পৰিব বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰাৰ পাছত নগঞা ৰাইজৰ মাজত স্বাভাৱিকতে আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে।
বতৰ বিজ্ঞান কেন্দ্ৰই ৫ মে'ত অৰ্থাৎ আজি ফণীৰ প্ৰভাৱ নগাঁৱত পৰাৰ সম্ভাৱনা আছে বুলি জিলাখনক য়েল্ল তথা হালধীয়া এলাৰ্ট জাৰি কৰাত জনসাধাৰণৰ মাজত ভয়-শংকা আৰু আতংকৰ সৃষ্টি হৈছে। আনহাতে সামুদ্ৰিক বতাহ ফণীৰ সতৰ্কবাণীকলৈ এতিয়া সষ্টম হৈ পৰিছে নগাঁও জিলা প্ৰশাসনো। কালি এই সন্দৰ্ভত নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত পুৱা জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ মাজত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়।
নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা এই বৈঠকখনত জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ অধ্যক্ষ যাদৱ শইকীয়াই মহাকুমাধিপতি আৰু ৰাজহ চক্ৰ বিষয়াসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা সম্ভাব্য বিপদ সম্পৰ্কে বুজ লোৱাৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগক সাজু হৈ থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰে।বৈঠকত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে দুৰ্যোগৰ সময়ত যিকোনো জৰুৰীকালীন অৱস্থাৰ বাবে নগাঁও আৰক্ষী বাহিনী সষ্টম হৈ আছে বুলি প্ৰকাশ কৰে।
বৈঠকত শক্তি বিতৰণ কোম্পানী, আৰক্ষী বিভাগ, বন বিভাগ, আভ্যন্তৰীণ জল পৰিবহন বিভাগ, এছডিআৰএফ আদিকে ধৰি সংশ্লিষ্ট সকলো বিভাগক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ নাওঁসমূহ সাজু কৰি ৰখিবলৈকো নিৰ্দেশ দিয়ে।
ইয়াৰ উপৰি নগাঁও জিলা প্ৰশাসনে ৰাইজৰ সহায়ৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে। এই নিয়ন্ত্ৰণ কক্ষটোৰ নম্বৰ হ'ল-০৩৬৭২ ২৩৬৮২৭।