লংকা: হোজাই জিলাৰ লংকাৰ কাকীত পোহৰলৈ আহিছে নাৰী নিৰুদ্দেশৰ এক ঘটনা। ঘটনা অনুসৰি যোৱা ১৪ ফেব্ৰুৱাৰীত ঘৰৰ পৰা চিকিৎসকৰ ওচৰলৈ যোৱাৰ পিছৰপৰাই নিৰুদ্দেশ হৈ আছে কাকী ৪নং ডেৰাপথাৰৰ নিবাসী সজল দাসৰ পত্নী সুষমা দাস (৩0) নামৰ মহিলাগৰাকী।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে সুৰজিৎ দাস (৯) আৰু সুপ্ৰিয়া দাস (৭) নামৰ দুই সন্তানসহ যোৱা ১৪ ফ্ৰেব্ৰুৱাৰীত কাকী ৪নং ডেৰাপথাৰৰ পৰা লংকালৈ চিকিৎসকৰ ওচৰলৈ ওলাই যোৱাৰ পাছৰ পৰাই আজিলৈকে নিৰুদ্দেশ হৈ আছে দুই সন্তানসহ মহিলাগৰাকী।
কৰ্মসূত্ৰে মেঘালয়ত থকা স্বামীয়ে পত্নী নিৰুদ্দেশ হোৱা ঘটনাটো কোনো দুষ্ট চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে মহিলাগৰাকীৰ সম্ভেদ উলিওৱাৰ বাবে আহ্বান জনাইছে মহিলাগৰাকীৰ স্বামীয়ে। লগতে ঘটনা সন্দৰ্ভত যোৱা 2৪ ফ্ৰেব্ৰুৱাৰীত কাকী আৰক্ষী চকীত পত্নী নিৰুদ্দেশ সম্পৰ্কত এখন এজাহাৰ দাখিল কৰে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত কাকী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও নিৰুদিষ্ট মহিলাগৰাকীৰ এই পৰ্যন্ত সন্ধান লাভ কৰা নাই। নিৰুদিষ্ট মহিলাগৰাকীৰ স্বামীয়ে যদি কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীৰ সন্ধান লাভ কৰে তেন্তে ৯৩৮৩১৪৫৯২৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।