নেচনেল টাস্ক ফোৰ্চৰ বিশেষজ্ঞ, তিনি চিকিৎসা সংস্হাৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ: ভুল নীতিয়ে ভয়াবহ কৰিব ভাৰতৰ ক'ৰনা যুঁজ

 06/02/2020 - 13:07

উৎপল কুমাৰ কলিতা: চৰকাৰে ক'ৰনা প্ৰতিৰোধৰ পৰামৰ্শৰ বাবে গঠন কৰা টাক্স ফোৰ্চৰ বিশেষজ্ঞ আৰু কেবাটাও চিকিৎসা সংস্হাই সৰব হৈ পৰিছে চৰকাৰৰ ক'ৰনা যুঁজৰ ভুল সিন্ধান্তক লৈ। এই লৈ India Association of preventive and Social medicine, Internetionel Epidemiological associations আৰু Indian Public Health associationৰ পৰা এই লৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। ইয়াত চৰকাৰে গঠন কৰা কৰনা যুঁজৰ টাক্স ফৰ্চৰ কেবাজনো বিশেষজ্ঞই স্বাক্ষৰ কৰিছে। পত্ৰখনত কোৱা হৈছে যে আকস্মিক লকডাউনৰ বাবে আৱদ্ধ হৈ পৰা শ্ৰমিক সকলক যেতিয়া সংক্ৰমন কম আছিল অৰ্থাৎ প্ৰথম পৰ্যায়ৰ লকডাউনত ঘৰলৈ পথাব লাগিছিল।

কিন্তু যেতিয়া দেশৰ বহু স্হানত সামাজিক সংক্ৰমন আৰম্ভ হল তেওঁ লোকক ঘৰলৈ পঠোৱা হল। ফলত এতিয়া দেশৰ গ্ৰামাঞ্চললৈ সামাজিক সংক্ৰমন নিশ্চিত হৈ পৰিল। পত্ৰত কোৱা হৈছে চৰকাৰে সময়মতে বিশেষজ্ঞ আনকি ICMRৰ বহু পৰামৰ্শ গুৰুত্ব নিদি একপক্ষীয় ভাবে লোৱা সিন্ধান্তৰ বাবে ভাৰতত কৰনা সংক্ৰমন ভয়াবহ হৈ পৰিল আৰু ই অধিক সম্প্ৰসাৰণ হ'ল। এতিয়া দেশৰ ১১কোটি লোক নিবনুৱা হল আৰু ক'ৰনাও নিয়ন্ত্ৰণৰ বাহিৰলৈ গল।

সংগঠন কেইটাই কয় চৰকাৰে যদি ক'ৰনা সংক্ৰমনৰ গতি আশাব্যঞ্জক বুলি ভাবিছে তেনেহলে আৰু এক ভুল কৰিছে। আনহাতে দেশত বহু ঠাইত সামাজিক সংক্ৰমন আৰম্ভ হোৱা সময়ত স্বাভাৱিক অৱস্হা আৰম্ভ কৰি আনলক ভাৰত কৰিব বিচৰা কাৰ্যই আগন্তুক সময়ত গভীৰ মূল্য ভৰিব লগা কাৰ্য হিচাপে বিবেচিত হব।

দেশৰ বিশেষজ্ঞ, অগ্ৰনী চিকিৎসা বিশেষজ্ঞৰে গঠিত সংস্হাৰ এনে মন্তব্যৰ পৰা প্ৰমানিত হয় বহু ক্ষেত্ৰত চৰকাৰে বিশেষজ্ঞ সকলৰ পৰামৰ্শ আওকান কৰাৰ বাবে ভাৰতৰ ক'ৰনা প্ৰতিৰোধ যুঁজ খন ব্যৰ্থ হোৱাৰ দিশত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।