বিটিএডিত ষড়যন্ত্ৰৰ ৰাজনীতি: মিত্ৰজোঁটক নিঃশেষ কৰিবলৈ অভিসন্ধি এচামৰ

 05/05/2019 - 15:19

ডিজিটেল ডেস্ক: বিটিএডিত পুনৰ আৰম্ভ হৈছে ষড়যন্ত্ৰৰ ৰাজনীতি। ইউপিপিএল আৰু এআইইউডিএফ দুয়োটা দলে মিত্ৰতা সম্পন্ন কৰি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগতে আগন্তুক পৰিষদীয় নিৰ্বাচনতো সন্মিলিতভাৱে যুঁজ দিবলৈ যো-জা চলোৱাত শংকিত হৈ পৰিছে একাংশ স্বাৰ্থান্বেষী মহল। এই স্বাৰ্থান্বেষী চক্ৰটোৱে মিত্ৰজোঁটৰ শক্তিৰ উমান পাই কিদৰে ইয়াক নিঃশেষ কৰিব পাৰি তাৰ অভিসন্ধি ৰচাত উঠি-পৰি লাগিছে। পিছে মিত্ৰজোঁটৰ শক্তিক কোনো কাৰণতে পৰাভূত কৰাতো সম্ভৱ নহয় বুলি জানিব পাৰি মূৰ্খতাৰ পৰিচয় দি দুষ্টচক্ৰতো লিপ্ত হৈছে ভুৱা প্ৰচাৰত।

ভুৱা প্ৰচাৰৰ বাবে স্বাৰ্থান্বেষী মহলে বাছি লৈছে এআইইউডিএফ আৰু ইউপিপিএলৰ মিত্ৰজোঁটক সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়োৱা এবছুক। ছ’চিয়েল মিডিয়াত দুষ্ট চক্ৰটোৱে এখন পত্ৰলৈ আঙুলিয়াই লিখিছে যে এবছু-এ এনআৰচিৰ কাম-কাজত বিধি-পথালি দিবলৈ সাধাৰণ লোকক ভয়-ভাবুকি দিছে। কিন্তু মিছাৰ ঢাকনিৰে সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি। সেয়ে যিখন পত্ৰৰ কথা উল্লেখ কৰি ভুৱা প্ৰচাৰ চলাইছে সেইখন পত্ৰতে জলজল-পটপটকৈ ওলাই পৰিছে দুষ্ট চক্ৰৰ যড়যন্ত্ৰ।

এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক সম্বোধন কৰি উক্ত পত্ৰখন লিখিছে জনৈক চিত্তৰঞ্জন নাৰ্জাৰী নামৰ এজন লোকে। চিঠিখনৰ মতে এবছুৰ নৰাবাৰী আঞ্চলিক কমিটিৰ একাংশ সদস্যই ভয়-ভাবুকি প্ৰদান কৰি কাৰোবাৰ বিৰুদ্ধে অভিযোগ দিবলৈ উকা প্ৰ-পত্ৰ আৰু ভোটাৰ কাৰ্ডৰ জেৰক্স কপিত স্বাক্ষৰ লৈছে। কথাটো হ’ল লোকজনে চিঠিখনত উল্লেখ কৰাৰ দৰে এটা ছাত্ৰ সংগঠনে কাৰোবাৰ বিৰুদ্ধে এনআৰচিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাক অভিযোগ দিবলগীয়া থাকিলে সংগঠনৰ পেডত লিখি পোনপটীয়াকৈ অভিযোগ দাখিল কৰিলেহেতেন।

সংগঠন এটাই অভিযোগ দিবলৈ অইন লোকৰ স্বাক্ষৰ বলপূৰ্বক সংগ্ৰহ কৰা বুলি দাবী কৰাতো সম্পূৰ্ণৰূপে ভিত্তিহীন। যদিহে কোনো লোকে সঁচাকৈয়ে তেনেদৰে ভয়-ভাবুকি প্ৰদান কৰিছে তাৰবাবে উক্ত লোকসকলক দায়ী নকৰি তথ্য প্ৰমাণহীনভাৱে এবছুৰ নাম লিখি দিলেই এবছু জগৰীয়া হ’ব নোৱাৰে। ইমানেই নহয়, যিটো ফোন নম্বৰ পত্ৰত স্বাক্ষৰকাৰীয়ে নিজৰ বুলি উল্লেখ কৰিছে সেই ফোন নম্বৰটোও উল্লিখিত লোকজনৰ হয় নে নহয় তাক লৈ সন্দেহৰ থল আছে। কিয়নো পত্ৰত স্বাক্ষৰকাৰীজনৰ নাম চিত্তৰঞ্জন নাৰ্জাৰী বুলি উল্লেখ থকাৰ বিপৰীতে ফোন নম্বৰটো ট্ৰুক'লাৰত ছাৰ্চ কৰিলে নৱৰাজ বুলিহে দেখুৱায়। মুঠৰ ওপৰত ৰহণ সানি এনআৰচি কৰ্তৃপক্ষলৈ এনেদৰে এবছুৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি পত্ৰ লিখাতো হাস্যকৰেই নহয় সেই পত্ৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰা কাৰ্যই ঘটনাৰ আঁৰত থকাসকলৰ মূৰ্খতাকে উদঙাই দিছে।

এনেধৰণৰ ভুৱা প্ৰচাৰে ইউপিপিএল আৰু এআইইউডিএফ মিত্ৰজোঁটৰ নোম এডালো লৰাব নোৱাৰে, বৰঞ্চ আগন্তুক পৰিষদীয় নিৰ্বাচনলৈ দল দুটাৰ মিত্ৰজোঁট অধিক শক্তিশালীহে হৈ পৰিব। বছৰ বছৰ ধৰি বাহুবলেৰে বিটিএডিত লুণ্ঠন চলোৱাসকলে ভুৱা প্ৰচাৰৰ দৰে নীচ ষড়যন্ত্ৰত লিপ্ত হোৱাটোৱে স্পষ্ট কৰি তুলিছে যে সমাগত পৰিষদীয় নিৰ্বাচনত সেইসকলৰ সান্দহ খোৱা বালি তল যোৱাটো ১০০ শতাংশই নিশ্চিত। এনআৰচিক লৈ অব্যাহত আছে একাংশ ৰাজনৈতিক দল আৰু সংগঠনৰ কূটিল ৰাজনীতি।

ফলত বিভ্ৰান্ত হৈ পৰিছে নিৰক্ষৰ-দৰিদ্ৰ খাটিখোৱা জনতা। ভাৰতীয় নাগৰিক হৈয়ো আৰু কিমান দিন এইসকল লোকে এনেদৰে দুখ-কষ্ট সহিব লাগিব সেয়া আজিৰ দিনত সবাতোকৈ ডাঙৰ প্ৰশ্ন। ৰাজনৈতিক অংকৰ বাবেই কি কংগ্ৰেছ, কি অগপ, কি বিজেপি, কি বিপিফ কোনেও নিবিচাৰে ইয়াৰ সম্পূৰ্ণ সমাধান, বুজিও নুবুজে জনতাৰ বেথা। তেওঁলোকৰ শেষ ভৰষা ছুপ্ৰিম কোৰ্ট।

বিশ্বাস আৰু আস্থা লৈ বহু আশাৰে ন্যায় পাব বুলি ৰৈ থকাৰ সময়তে এনেদৰে একাংশ দুষ্ট চক্ৰই এতিয়াও এনআৰচিক লৈ ভুৱা প্ৰচাৰ চলাই যোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। এনেধৰণৰ ভুৱা প্ৰচাৰ প্ৰতিহত কৰিবলৈ ইউপিপিএল আৰু এআইইউডিএফ মিত্ৰজোঁট বদ্ধ পৰিকৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।