বঙাইগাঁৱত চোৰাং বালি কঢ়িওৱা বাহনৰ দৌৰাত্ম্য

 06/02/2020 - 15:37

বঙাইগাঁঁও: মংগলবাৰে বঙাইগাঁও বন সংমণ্ডলৰ অধীনৰ বিদ্যাপুৰত বালি কঢ়িওৱা মহেন্দ্ৰ পিকভানৰ খুন্দাত স্কুটী আৰোহী আহত এ এছ -১৯চি-৪৩৮২ নম্বৰৰ মহেন্দ্ৰ পিকভানে মহতীয়াই নিয়ে এ এছ-১৯ এল- ৬০৭৫ নম্বৰৰ স্কুটী এখন ফলত গুৰুতৰভাৱে আহত হয় স্কুটী আৰোহী জিন্টু বৰুৱা নামৰ এজন যুৱক দুৰ্ঘটনা সংঘটিত কৰিয়ে বালি কঢ়িওৱা বাহনখনৰ চালক আৰু সহ চালক গৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰে পিছত জিন্টু বৰুৱাক সংকটজনক অৱস্থাত বঙাইগাঁৱৰ ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে

উল্লেখ্য যে বাহনখনৰ বালি কঢ়িওৱা কোনো চালান নাছিল আৰু বিদ্যাপুৰ সংযোগী চম্পাৱতী নৈত দীৰ্ঘদিনৰে পৰা অবাধ গতিত খনন কাৰ্য চলি আছে ৷ ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে বিদ্যাপুৰ অঞ্চলত ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.